September 30, 2026 10:15 AM

views 12

মিজোৰামৰ ছাইৰাঙ আৰু মণিপুৰৰ লামকাৰ মাজত ২১খন আসনযুক্ত দুখন বাছ সেৱা মুকলি

মিজোৰামৰ গড়কাপ্তানি মন্ত্রী ভানলাহলনাহে কালি আন্তঃৰাজ্যিক বাছ সেৱাৰ বাবে চালতোলাঙৰ পৰিবহণ কাৰ্যালয় চৌহদৰ পৰা আইজলৰ ছাইৰঙক মণিপুৰ লামকাৰ সৈতে সংযোগ কৰা ২১খন আসনযুক্ত দুখন বাছ মুকলি কৰে। এই সেৱা কাইলৈৰ পৰা আৰম্ভ হ'ব। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্রীভানলাহলনাহই কয়, যে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ বাবে পাহাৰীয়া অঞ্চলত বসবাস কৰা জো জনজাতি সম্প্ৰদায়ৰ মাজত একতা, অপৰিহাৰ্য্য। তেওঁ মিজোৰামক জো জনগোষ্ঠীৰ মাতৃভূমি বুলি অভিহিত কৰে। মণিপুৰৰ সংঘাতৰ মাজতে মণিপুৰ আৰু মিজোৰামৰ মাজত ভ্ৰমণ কৰা জো সম্প্...

September 7, 2026 1:42 PM

views 15

মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক

চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নির্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে ২০২৬ চনৰ পহিলা জুলাই পর্যন্ত মণিপুৰত মুঠ ১৯লাখ ৬০হাজাৰ ৬২০গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে ১০লাখ ৬হাজাৰ ৯৬২গৰাকী মহিলা, ৯লাখ ৫৩হাজাৰ ৩৫০গৰাকী পুৰুষ আৰু ৩০৮ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয়, যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে ১,০৫৬। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট ...

July 2, 2026 12:16 PM

views 24

‘এক পেড় মা কে নাম’ অভিযানৰ সৈতে সংগতি ৰাখি মণিপুৰত ৭৭ সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ

মণিপুৰত কালি কেন্দ্ৰীয় চৰকাৰৰ ‘এক পেড় মা কে নাম' অভিযানৰ সৈতে সংগতি ৰাখি ৭৭ সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইম্ফলৰ পূব জিলাত আয়োজিত কেন্দ্রীয় অনুষ্ঠানত ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ মুৰববী অনুৰাগ বাজপেয়ীয়ে কাৰ্যসূচী শুভাৰম্ভ কৰে। এই উপলক্ষে ৰাজ্যজুৰি সেউজ আৱৰণ সৃষ্টিৰ লক্ষ্যৰে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবাজপেয়ীয়ে মণিপুৰক সেউজ কৰি তোলাৰ লগতে বনাঞ্চল সংৰক্ষণৰ বাবে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰে। তেওঁ কয়, যে বনা...

June 9, 2026 6:56 PM

views 28

মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত নিচাযুক্ত সামগ্রীসহ ৩ জন লোকক গ্রেপ্তাৰ

মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্রীসহ তিনিজন লোকক গ্রেপ্তাৰ কৰে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তর্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে কালি নিশা অভিযান চলাই এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে অসমৰ দুজন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই আজি প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজন দেবীপুৰৰ উৰিয়ামঘাটৰ নাচিমুদ্দিন আৰু গোমাৰিগুৰিৰ মনজিৎ বুলি জানিব পৰা গৈছে। দুয়োজন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ১২ ট চাবোনৰ বাকচত নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰে।...

December 17, 2025 12:26 PM

views 53

মণিপুৰত আজিৰেপৰা তিনিদিনীয়াকৈ অষ্টাদশ ৰাজ্যিক অ’ৰেঞ্জ ফেষ্টিভেল আয়োজন

মণিপুৰত আজিৰেপৰা তিনিদিনীয়াকৈ অষ্টাদশ ৰাজ্যিক অ'ৰেঞ্জ ফেষ্টিভেল অর্থাৎ কমলা উৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ সৰ্বাধিক কমলা উৎপাদন হোৱা তামেংলং জিলাত এই উৎসৱৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে এই জিলাখনত উৎপাদিত কমলাৰ অনন্য সোবাদ আৰু গুণাগুণৰ বাবে ভৌগোলিক সূচ্যাংক লাভকৰিছে। প্ৰতিবছৰে কমলাৰ উৎপাদকসকলক উৎসাহিত কৰাৰ লগতে ইয়াৰ বজাৰ বৃদ্ধি আৰু প্ৰসাৰৰ বাবে ৰাজ্যখনত এই উৎসৱৰ আয়োজন কৰা হয়। ইয়াৰ বাবে অঞ্চলটোৰ বিভিন্ন স্থানত আটক ধুনীয়াকৈ কমলাৰ বিপণীসমূহ সজাই তোলা হৈছে। উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক অনুষ্ঠান, পৰম...

November 6, 2025 2:49 PM

views 64

আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি ইম্ফলৰ চিটী কনভেনচন চেণ্টাৰত অনুষ্ঠিত আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ লয়। এই অনুষ্ঠানত আকাশবাণী ইম্ফলে আগবঢ়োৱা ৬০ বছৰজোৰা সেৱাৰ বিষয়ে আলোকপাত কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যপালগৰাকীয়ে হীৰক জয়ন্তী স্মৰণিকা উন্মোচন কৰে আৰু আকাশবাণী ইম্ফলৰ বিষয়া আৰু হীৰক জয়ন্তী অনুষ্ঠানৰ প্ৰযোজকসকলৰ মাজত প্ৰশস্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব অনুৰাগ বাজপেয়ী, আকাশবাণীৰ সঞ্চালকপ্ৰধান ৰাজীৱ কুমাৰ জৈন, আকাশবাণীৰ উত্তৰ-পূব সংমণ...

October 14, 2025 11:48 AM

views 118

শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণ মণিপুৰৰ ৰাজ্যপালৰ

● মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ঐতিহাসিক ৰাজভৱনটোৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ আৰু গেলেৰী প্ৰদৰ্শনী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিব। মাহুদৰ সঞ্চালক নাংগম উত্তম সিঙৰ নেতৃত্বত এই সমিতিখন গঠন কৰা হৈছে। এই বিষয়ত কলা আৰু সংস্কৃতিৰ উপসচিব সুনান্দা থকছমে সদস্য সচিব হিচাপে উত্তম সিঙক সহযোগিতা আগবঢ়াব। সমিতিখনৰ অন্য তিনিগৰাকী সদস্য হৈছে- ক্লাৰা ক’ছিনী ফিমু, শশীকান্ত শৰ্মা আৰ...

August 24, 2025 12:57 PM

views 107

নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সোমবাৰে শপতগ্ৰহণ

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কাইলৈ নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুৰ এদিন পাছত যোৱা ১৬ আগষ্টত অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰিছিল।

July 30, 2025 9:02 PM

views 61

মণিপুৰত ১৩ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ৰাষ্ট্ৰপতিৰ শাসন সন্দৰ্ভত লোকসভাত আলোচনা অনুষ্ঠিত

মণিপুৰত ১৩ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন পুনৰ বৃদ্ধি কৰা প্ৰস্তাৱ সন্দৰ্ভত আজি লোকসভাত আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে যোৱা ১৩ ফেব্ৰুৱাৰীত মণিপুৰত বলবৎ কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰতি সদনৰ অনুমোদন বিচাৰে আজি এই প্ৰস্তাৱ উত্থাপন কৰে। প্ৰস্তাৱটো সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈ কংগ্ৰেছৰ এণ্ট এণ্টনীয়ে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰে আৰু ৰাজ্যখনত শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি অভিযোগ তোলে। সমাজবাদী পাৰ্ট...

July 26, 2025 11:11 AM

views 62

মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি

মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাজ্যখনত ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়। সেই অনুসৰি ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বাহাল থাকিব। উল্লেখযোগ্য যে গোষ্ঠীগত সংঘৰ্ষক লৈ মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰাৰ পাছত যোৱা ৯ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। ইয়াৰ চাৰিদিন পাছতে অর্থাৎ ১...