মণিপুৰ আৰক্ষীয়ে যোৱা সোমবাৰে নংচুমত সংঘটিত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৩ জন লোকক আটক কৰিছে। ইম্ফলত এখন সংবাদমেলত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান লাহাৰী দৰ্জী হাটোই কয় যে আচাম ৰাইফলছ, মণিপুৰ আৰক্ষী, চি আৰ পি এফ আৰু স্থলসেনা বাহিনীৰ এটা যৌথ দলে অভিযান চলাই নংচুম পাহাৰত ৩ জন খৰিকটীয়াক হত্যাৰ ঘটনা সংক্রান্তত এই লোক তিনিজনক আটক কৰে। ধৃত লোক ৩ জনৰ দুজনে ঘটনাৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে। তেঁও কয় যে অভিযানত আই এন এছ এ এছ ৰাইফল, এ কে-47, এম চিক্সটিন, স্লীপাৰ ৰাইফল, হাতবোমাকে ধৰি ১২ বিধ অত্যাধুনিক আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হয় ৷
Assamese | October 22, 2026 12:09 PM | Manipur
নংচুমত সংঘটিত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৩ জন লোকক আটক মণিপুৰ আৰক্ষীৰ