ভাৰত আৰু ইণ্ডোনেছিয়াই সন্ত্রাসবাদৰ নিয়ন্ত্ৰণ আৰু এই বিভিষীকা দূৰ কৰাৰ বাবে দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সন্ত্রাসবাদ প্রতিৰোধ বিষয়ক ভাৰত ইণ্ডোনেছিয়া যুটীয়া কাৰ্যগোটৰ সপ্তমলানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ সন্ত্রাসবাদ প্ৰতিৰোধ শাখাৰ অতিৰিক্ত সচিব ড০ সুহেল এজাজ খান আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় সন্ত্রাসবাদ প্ৰতিৰোধী সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিভাগৰ উপ মুৰববী ডিঅ নিচিয়চ এপ্রান স্বাছ’নীয়ে সহঅধ্যক্ষতা কৰে। বৈঠকত দুয়োপক্ষই সকলো ধৰণৰ সন্ত্রাসবাদক গৰিহণা দিয়ে আৰু এই বিভিষীকা দূৰ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত ঐক্যবদ্ধভাবে দৃঢ় প্রচেষ্টাৰ পোষকতা কৰে। বৈঠকত দুয়ো পক্ষই ঘৰুৱা, আঞ্চলিক আৰু গোলকীয় পৰ্যায়ত সন্ত্রাসবাদৰ সৈতে জড়িত বিপদাশংকা আৰু সীমান্তৰে চলা সন্ত্রাসবাদ সন্দর্ভত মত বিনিময় কৰে। তেওঁলোকে লগতে মৌলবাদ আৰু হিংসাত্মক উগ্রবাদৰ নিয়ন্ত্রণ, সন্ত্রাসবাদী সংগঠনলৈ পুঁজি যোগান বন্ধ কৰা আৰু সন্ত্রাসবাদী গতিবিধিৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ দৰে প্রত্যাহ্বানক লৈও আলোচনা কৰে।
Assamese | November 13, 2026 11:55 AM | India-Indonesia MoU
সন্ত্রাসবাদৰ নিয়ন্ত্ৰণত ভাৰত আৰু ইণ্ডোনেছিয়াৰ দ্বিপাক্ষিক সহযোগিতাত গুৰুত্ব আৰোপ