প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এখন উন্নত ভাৰত গঢ়ি তোলাৰ বাবে কৃষি খণ্ডৰ বিকাশ, আধুনিক কৃষি পদ্ধতি আৰু কৃষক সবলীকৰণ জৰুৰী বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰত কৃষি সম্মিলনত ভাষণ দি শ্রীমোদীয়ে কালি কয় যে কৃষি ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাৰ অভিন্ন অংগ।
বিশ্ব বেংকৰ অধ্যয়নৰ মাধ্যমেৰে কৃষি খণ্ডৰ বিকাশ আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ মাজৰ ওতঃপ্রোতঃ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি শ্রীমোদীয়ে কয় যে ১২-১৩ বছৰৰ ভিতৰত দেশত ৫০ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হৈছে। তেওঁ কয় যে এই সময়ছোৱাত গ্রামাঞ্চলত দৰিদ্ৰতাৰ হাৰ চকুত লগা ধৰণে হ্রাস পাইছে। বিশেষকৈ ক্ষুদ্র কৃষক আৰু কৃষি খণ্ডত নিয়োজিত শ্রমিকসকল দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হোৱা বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয় যে এই সময়ছোৱাত স্বাধীনতাৰ পাছত প্রথম বাৰৰ বাবে দেশৰ কৃষি খণ্ডই এক দশকলৈকে নিৰন্তৰভাৱে ৪ শতাংশৰো অধিক বিকাশ হাৰ বৰ্তাই ৰাখিবলৈ সমর্থ হয়।
কৃষক আৰু কৃষি বিশেষজ্ঞসকলে সময়ৰ সৈতে নীতি আৰু কৃষি পদ্ধতি পৰিৱৰ্তনৰ আৱশ্যকতাৰ কথা ভালদৰে অনুধাবন কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গোলকীয় বজাৰ, খাদ্যাভ্যাস, বতৰৰ পৰিৱৰ্তন আৰু প্ৰযুক্তিৰ উত্তৰণৰ ফলত খেতিয়কসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাটো জৰুৰী হৈ পৰিছে। অকল শস্য ভাণ্ডাৰ সমৃদ্ধ কৰাই পর্যাপ্ত নহয় বুলিও তেওঁ মন্তব্য কৰে।
বিগত দশকত গোলকীয় পৰ্যায়ত কৃষি পৰিৱৰ্তনৰ সৈতে ফেৰ মৰাৰ লগতে খেতিয়কসকলৰ আয় বৃদ্ধিৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ পৰা সম্প্রতি বছৰি ৪ লাখ কোটি টকা মূল্যৰ কৃষিজাত সামগ্ৰী ৰপ্তানি হৈ আছে। তেওঁ কয় যে দেশ গাখীৰ, দাইল, মৰাপাট, চাউল আৰু মিলেটৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম স্থানত আৰু ঘেঁহু, কপাহ, ফল-মূল, শাক-পাচলি আৰু মাছ উৎপাদনৰ ক্ষেত্রত দেশ দ্বিতীয় স্থানত আছে। এই তথ্যৰ পৰা দেশৰ কৃষকসকলৰ বৰ্ধিত সামর্থ্য প্রতিফলিত হোৱা বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে।
ভবিষ্যতৰ কৃষিৰ বাবে প্রয়োজনীয় আয়ৰ একাধিক উৎস গঢ়ি তোলাৰ সৰ্বাত্মক দৃষ্টিভংগীৰ অধীনত বিভিন্ন কৃষি বিপ্লৱৰ একত্ৰীকৰণৰ প্ৰচেষ্টাৰ বিষয়ে ব্যাখ্যা কৰি শ্রীমোদীয়ে প্রধানমন্ত্রী কুসুম যোজনাৰ অধীনত ৰূপায়িত সৌৰ বিদ্যুৎ উৎপাদন বিপ্লৱৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে এই যোজনাৰ অধীনত বিদ্যুতৰ মাচুল হ্রাস কৰাৰ লগতে খেতিপথাৰতে সৌৰ বিদ্যুৎ উৎপাদন কৰি কৃষকসকলৰ বাবে ৰাজহ অৰ্জনৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে প্রায় ১২ লাখ সৌৰ পাম্প বিতৰণ কৰা হৈছে। তেওঁ কয় যে দেশত কৃষি অভিযান্ত্রিকীকৰণৰ পৰা কৃষি ষ্টার্টআপলৈকে বিকাশৰ অপাৰ সম্ভাৱনা আছে আৰু কৃষকসকলক কৃষি উদ্যমীলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সবলীকৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। শ্রীমোদীয়ে কয় যে ইৰাণ আৰু পাৰচ্য উপ-সাগৰীয় অঞ্চলত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য বৃদ্ধি পোৱা সত্বেও বহনসাধ্য দৰত সাৰ যোগান ধৰাৰ বাবে বিগত ১২ বছৰত ১৬ লাখ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে।