November 13, 2026 11:57 AM | Chathh Puja

printer

দেশৰ বিভিন্ন অংশত নহায় খায় পৰ্বৰে চাৰিদিনীয়া যট পূজা আৰম্ভ

দেশৰ বিভিন্ন অংশত আজি নহায় খায় পৰ্বৰে চাৰিদিনীয়া যট পূজা আৰম্ভ হ’ব। সূর্য দেৱতা আৰু যঠী মাইয়াৰ নামত উৎসর্গিত এই উৎসৱ প্ৰকৃতি আৰু পৰিষ্কাৰ-পৰিষ্কৃতাৰ আৰাধনাৰ প্ৰতীক। পূজাৰ সময়ছোৱাত ভক্তসকলে পৱিত্ৰতা আৰু পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখি ব্রত পালন কৰে আৰু পূজা অর্চনা কৰে। নহায় খায়ৰ দিনা ভক্তসকলে স্নানৰ পাছত প্ৰসাদ প্রস্তুত কৰে। পৰম্পৰা অনুসৰি এই দিনটোত আৰৱা চাউলৰ আহাৰ আৰু লাওৰ চবজী গ্ৰহণ কৰে। ষট্ পূজাৰ দ্বিতীয় দিনা খৰণা পৰ্ব পালন কৰা হয়। এই দিনটোত ভক্তসকলে গোটেই দিন উপবাসে থাকে আৰু সন্ধিয়া পূজা-অর্চনাৰ পাছত প্রসাদ গ্রহণ কৰি ব্রত ভংগ কৰে। ইয়াৰ পাছতে নির্জলা ব্রত আৰম্ভ হয়। তৃতীয় দিনা বিয়লি ভক্তসকল নৈ, পুখুৰী আৰু অন্য ঘাটত সমবেত হয় আৰু ষঠী মাইয়াক পূজা অর্চনা কৰে আৰু অস্তমিত সূর্যলে অর্ঘ্য অর্পণ কৰে। সোমবাৰে উদিত সূর্যলৈ অর্ঘ্য প্রদানেৰে এই উৎসৱৰ সামৰণি পৰিব।