ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান কৰে। এই অনুষ্ঠানতেই ৰাষ্ট্ৰপতিয়ে ২০২৪ বৰ্ষৰ টেনজিং নর্গে দুঃসাহিসকতা বঁটাও প্ৰদান কৰে। এথলীট তেজস্বীন শংকৰ আৰু প্ৰিয়ংকা গোস্বামী, দবা খেলুৱৈ দিব্যা জিতেন্দ্র দেশমুখ, হকী খেলুৱৈ ৰাজকুমাৰ পাল আৰু কাবাডি খেলুৱৈ পূজাকে ধৰি মুঠ ১৭ গৰাকী বিশিষ্ট খেলুৱৈক ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে অৰ্জুন বঁটাৰে সন্মানিত কৰে।
প্রবীণ ফুটবল খেলুৱৈ ইছাইয়া আৰু মইনায়াগমলৈ জীৱনজোৰা সাধনাৰ অৰ্জুন বঁটা আগবঢ়োৱা হৈছে। এথলেটিক্ছৰ প্ৰশিক্ষক পৰৱীৰ সিং, বক্সিঙৰ প্ৰশিক্ষক ছোতেলাল যাদৱ আৰু শ্বুটিঙৰ প্ৰশিক্ষক নেহা নন্দকুমাৰ চৱনে নিয়মীয়া শিতানত দ্রোণাচাৰ্য বঁটা লাভ কৰে। একেদৰে বক্সিঙৰ প্ৰশিক্ষক ধৰ্মেন্দ্ৰ সিং য়াদৱ আৰু মল্লযুদ্ধৰ প্ৰশিক্ষক বীৰেন্দ্ৰ কুমাৰলৈকো জীৱনজোৰা সাধনাৰ দ্রোণাচার্য বঁটা আগবঢ়োৱা হয়। ক্রীড়া বঁটা প্ৰদানৰ এই অনুষ্ঠানতে ক্রীড়াক্ষেত্ৰৰ প্ৰচাৰ, প্ৰসাৰ আৰু উন্নয়নৰ প্ৰতি আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে পুনেৰ আৰ্মি পেৰালিম্পিক নোডলৈ ৰাষ্ট্ৰীয় খেল প্রোৎসাহন পুৰস্কাৰ আগবঢ়োৱা হয়।
আনহাতে, দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে বলজিত্ কৌৰ আৰু ৰীমো সাহাকে ধৰি চাৰিগৰাকী ব্যক্তিক ২০২৪ বৰ্ষৰ টেনজিং নৰ্গে দুঃসাহিসকতা বঁটা প্ৰদান কৰা হয়৷