September 30, 2025 6:19 PM

views 37

২০২৫ বৰ্ষৰ ক্ৰীড়া বঁটাৰ বাবে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আবেদন আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ২০২৫ বৰ্ষৰ ক্ৰীড়া বঁটাৰ বাবে আবেদনৰ আহ্বান জনাইছে। মন্ত্ৰালয়ৰ চৰকাৰী ৱেবছাইটত এই বঁটাৰ বাবে জাননী আপলোড কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি যোগ্য খেলুৱৈ আৰু প্ৰশিক্ষকসকলে ২৮ অক্টোবৰৰ ভিতৰত www.dbtyas-sports.gov.in পৰ্টেলৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। উল্লেখযোগ্য যে ক্রীড়াৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ স্বীকৃতি স্বৰূপে প্ৰতি বছৰে ক্রীড়া বঁটা প্ৰদান কৰা হয়। একোগৰাকী ক্রীড়াবিদৰ অসাধাৰণ আৰু দৰ্শনীয় প্ৰদৰ্শনৰ বাবে "মেজৰ ধ্যানচান্দ খেলৰত...