কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ২০২৫ বৰ্ষৰ ক্ৰীড়া বঁটাৰ বাবে আবেদনৰ আহ্বান জনাইছে। মন্ত্ৰালয়ৰ চৰকাৰী ৱেবছাইটত এই বঁটাৰ বাবে জাননী আপলোড কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি যোগ্য খেলুৱৈ আৰু প্ৰশিক্ষকসকলে ২৮ অক্টোবৰৰ ভিতৰত www.dbtyas-sports.gov.in পৰ্টেলৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। উল্লেখযোগ্য যে ক্রীড়াৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ স্বীকৃতি স্বৰূপে প্ৰতি বছৰে ক্রীড়া বঁটা প্ৰদান কৰা হয়। একোগৰাকী ক্রীড়াবিদৰ অসাধাৰণ আৰু দৰ্শনীয় প্ৰদৰ্শনৰ বাবে “মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা” প্ৰদান কৰা হয়। ক্রীড়াত প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা আৰু ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়। ক্ৰীড়াৰ বিকাশৰ ক্ষেত্ৰত আজীৱন আগবঢ়োৱা অৱদানৰ বাবে “জীৱনজোৰা অৰ্জুন বঁটা” আগবঢ়োৱা হয়। ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় ক্রীড়া অনুষ্ঠানত পদক বিজয়ী খেলুৱৈৰ প্ৰশিক্ষকক দ্রোণাচার্য বঁটা প্ৰদান কৰা হয়।
Assamese | September 30, 2025 6:19 PM | National Sports Awards 2025
২০২৫ বৰ্ষৰ ক্ৰীড়া বঁটাৰ বাবে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আবেদন আহ্বান