মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত নিচাযুক্ত সামগ্রীসহ ৩ জন লোকক গ্রেপ্তাৰ

মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্রীসহ তিনিজন লোকক গ্রেপ্তাৰ কৰে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তর্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে কালি নিশা অভিযান চলাই এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে অসমৰ দুজন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই আজি প্ৰকাশ কৰে।

গ্ৰেপ্তাৰ কৰা লোক দুজন দেবীপুৰৰ উৰিয়ামঘাটৰ নাচিমুদ্দিন আৰু গোমাৰিগুৰিৰ মনজিৎ বুলি জানিব পৰা গৈছে। দুয়োজন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ১২ ট চাবোনৰ বাকচত নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰে।

ইফালে পশ্চিম ইম্ফল জিলাৰ সাপাম মামাং লেইকাই নিবাসী নোংমাইথেম ৰূপু সিং নামৰ আন এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।