মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক

চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে।

মুখ্য নির্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে ২০২৬ চনৰ পহিলা জুলাই পর্যন্ত মণিপুৰত মুঠ ১৯লাখ ৬০হাজাৰ ৬২০গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে।

ইয়াৰে ১০লাখ ৬হাজাৰ ৯৬২গৰাকী মহিলা, ৯লাখ ৫৩হাজাৰ ৩৫০গৰাকী পুৰুষ আৰু ৩০৮ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয়, যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে ১,০৫৬। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নির্বাচন বিষয়াগৰাকীয়ে মন্তব্য কৰে।

তেওঁ কয়, যে খচৰা ভোটাৰ তালিকাত মুঠ ৫৬হাজাৰ ৮৭১গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মুঠ ৩০হাজাৰ ৬৫০গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়। মুঠ ১ লাখ ৫৮হাজাৰ ৬৭৭গৰাকী ভোটদাতাৰ গণনা প্ৰপত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়।