July 23, 2025 6:33 PM

views 53

মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ দেহাৱসান

● মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ আজি পুৱতি নিশা ইম্ফলৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ভাৰতীয় নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নাট্যকাৰগৰাকীয়ে সমসাময়িক প্রেক্ষাপটত প্রাচীন ভাৰতীয় ঐতিহ্যক আধাৰ হিচাপে লৈ নাট ৰচনা আৰু মঞ্চস্থ কৰিছিল।

July 5, 2025 5:18 PM

views 38

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনৰ থকা প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে ২০২৩ চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্রয় শিবিৰসমূহত থকা লোকসকলক এই মাহৰ পৰাই তিনিটা পৰ্যায়ত বিকল্প স্থানত সংস্থাপিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয়, যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে কৰা কেইবালানিও আলোচনাৰ অন্তত আশ্রয় শিবিৰসমূহ পৰ্যায়ক্রমে বন্...

July 4, 2025 8:06 PM

views 58

মণিপুৰৰ পাহাৰীয়া জিলাসমূহত মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ ব্যাপক তালাচী

অবৈধ অস্ত্র জমা কৰাসকলক দমনৰ বাবে মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ এটা দলে কালি মাজনিশাৰ পৰা আজি পুৱালৈকে মণিপুৰৰ পাহাৰীয়া জিলাসমূহত ব্যাপক তালাচী অভিযান চলায়। মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই অভিযানৰ সময়ত উদ্ধাৰকাৰী দলটোৱে গোলাবাৰুদ, বিস্ফোৰক আদিৰে প্ৰায় ২০৩টা অবৈধ অস্ত্ৰ উদ্ধাৰ কৰে। প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে সকলো নিৰাপত্তা সংস্থাৰ সৈতে সহযোগিতা ৰক্ষা কৰি মণিপুৰৰ পাহাৰীয়া জিলাসমূহত স্বাভাৱিক অৱস্থা পুনৰ ঘূৰা...

June 8, 2025 8:42 PM

views 68

মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক এন আই এৰ গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই এ মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে। এই তিনিওজন বিদ্ৰোহীয়ে যোৱা বছৰ ১৭ জানুৱাৰীত মণিপুৰ মোৰেত ভাৰতীয় সংৰক্ষিত বাহিনীৰ এটা নিৰাপত্তা চাউনীত আক্ৰমণ সংঘটিত কৰাৰ লগতে এটা তহলদাৰী গোটৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছিল। এই ঘটনাত দুজন আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে আন কেইবাজনো জোৱান গুৰুতৰভাৱে আহত হৈছিল। এন আই এ গ্ৰেপ্তাৰ কৰা মণিপুৰী বিদ্ৰোহী কেইজন হৈছে থাংমিনেল মেটে, কামগিংথাং গাংটে, হেন্তিনথাং কিপগেন। উল্লেখযোগ্য যে এন আই এই নি...

May 29, 2025 12:42 PM

views 63

মণিপুৰত ৪৪ গৰাকী বিধায়কৰ চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ

মণিপুৰত ৪৪ গৰাকী বিধায়কে চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে কালি ১০ গৰাকী বিধায়কে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰে আৰু ৰাজ্যখনত গণতান্ত্ৰিক চৰকাৰ গঠনৰ প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। ৰাজভৱনৰ তৰফৰ পৰা জাৰি কৰা এটা প্ৰেছ বিবৃতিত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকলৰ এটা প্ৰতিনিধি দলে ৰাজ্যপালৰ সৈতে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি আৰু ৰাজনৈতিক পৰিস্থিতি সম্পর্কে আলোচনা কৰা বুলি প্ৰকাশ কৰা হৈছে। পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শান্তি প্রক্রিয়া আৰম্ভ কৰা আৰু সুৰক্ষা ব...

May 27, 2025 11:38 AM

views 61

মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনত অপ্রীতিকৰ পৰিস্থিতি অব্যাহত

● মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি অব্যাহত আছে। ভাৰতীয় সেনাৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহন বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত প্ৰতিবাদকাৰীসকলে ৰাজ্যখনৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক ক্ষমা খোজাৰ দাবী জনাই আহিছে। কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্ট্ৰিগ্লেটি চমুকৈ ক'ক'মীয়ে আহ্বান জনোৱা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ পাছত কেন্দ্ৰীয় চৰকাৰ...

May 26, 2025 12:31 PM

views 66

মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত

মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। আমাৰ ইম্ফলৰ সংবাদদাতাই জনোৱা তথ্য অনুসৰি ভাৰতীয় সেনাৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহন বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত কালি কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্টিগ্রেটি চমুকৈ ক'কমীয়ে আহ্বান জনোৱা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলক ছত্রভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱ...

May 24, 2025 7:24 PM

views 55

মণিপুৰৰ উখৰুল জিলাত চলি থকা শ্বিৰুয়ি লিলি উৎসৱৰ আজি সামৰণি

মণিপুৰৰ উখৰুল জিলাত চলি থকা শ্বিৰুয়ি লিলি উৎসৱৰ আজি সামৰণি পৰিছে। যোৱা ২০ মে'ত আৰম্ভ হোৱা এই উৎসৱৰ আজি শ্বিৰুয়ি গাঁৱৰ বক্সি গ্ৰাউণ্ডত সামৰণি পৰে। ৰাজ্যখনৰ সংস্কৃতিৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ থকা শ্বিৰুয়ি লিলি ফুলৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৫ দিনীয়া উৎসৱৰ আয়োজন কৰা হৈছিল। সামৰণিৰ দিনা আজি বিভিন্ন সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ উপৰি চিনেমা প্ৰদৰ্শন, ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেল আৰু অন্যান্য কেতবোৰ কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে শ্বিৰুয়ি লিলি হৈছে মণিপুৰৰ ৰা...

May 23, 2025 12:15 PM

views 65

মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত হিচাপে অভিহিত কৰিছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি সমগ্ৰ মণিপুৰ এই আদালতৰ আওতাৰ ভিতৰত পৰিব। এন আই এয়ে ৰাজ্যখনত ২০২৩ চনৰ ৩ মে'ত সূত্ৰপাত হোৱা নৃগোষ্ঠীয় সংঘৰ্ষৰ সৈতে...

May 22, 2025 6:24 PM

views 73

মণিপুৰৰ উপত্যকা জিলাকেইখনৰ নাগৰিক সমাজৰ উমৈহতীয়া মঞ্চৰ ৪৮ ঘণ্টীয়া ধৰ্মঘট

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে। উখলত চলি থকা শ্বিৰই লিলি উৎসৱত ভাগ ল'বলৈ যোৱা ৰাজ্যিক জনসংযোগ বিভাগৰ এখন বাছৰ যাত্ৰীসকলৰ প্ৰতি সেনা বাহিনীৰ লোকে অৱজ্ঞাসূচক আচৰণ কৰাৰ প্ৰতিবাদত এই ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে। আমাৰ ইম্ফলৰ সংবাদদাতাই জনোৱা মতে ২০ গৰাকী সংবাদকর্মী আৰু মণিপুৰ চৰকাৰৰ জনসংযোগ বিষয়াৰ এটা দল মণিপুৰ ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছেৰে উখৰুললৈ গৈ থকা অৱস্থাত ইম্ফল পূব জিলাৰ গোৱালতাবিত থকা তালাচী চকীত...