May 22, 2025 3:40 PM

views 62

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। উখৰুলত চলি থকা শ্বিৰই লিলি উৎসৱত ভাগ ল'বলৈ যোৱা ৰাজ্যিক জনসংযোগ বিভাগৰ এখন বাছৰ যাত্ৰীসকলৰ প্ৰতি সেনা বাহিনীৰ লোকে অৱজ্ঞাসূচক আচৰণ কৰাৰ প্ৰতিবাদত এই ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান দিয়া হৈছে। আমাৰ ইম্ফলৰ সংবাদদাতাই জনোৱা মতে ২০ গৰাকী সংবাদকর্মী আৰু মণিপুৰ চৰকাৰৰ জনসংযোগ বিষয়াৰ এটা দল মণিপুৰ ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছেৰে উখৰুললৈ গৈ থকা অৱস্থাত ইম্ফল পূব জিলাৰ গোৱালতাবিত থকা তালাচী চক...

May 21, 2025 12:31 PM

views 62

মণিপুৰত ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিকয়ি লিলি মহোৎসৱৰ আয়োজন

মণিপুৰৰ উখৰুল জিলাত কালিৰেপৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিকয়ি লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি শ্বিৰুয়ি গাঁৱৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগোলিক আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। এই মহোৎসৱ মণিপুৰত পোৱা দুস্প্রাপ্য প্ৰজাতিৰ শ্বিকয়ি লিলি ফুলৰ সংৰক্ষণ আৰু ইয়াৰ জনপ্ৰিয়কৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। এইবাৰ এই প্ৰজাতিৰ ফুলবিধৰ আৱিষ্ক...

May 20, 2025 9:23 PM

views 85

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি চিৰুয়ি গাঁওৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগলিক আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। এই মহোৎসৱ মণিপুৰত পোৱা দুষ্প্ৰাপ্য প্ৰজাতিৰ শ্বিৰুয়ি লিলি ফুলৰ সংৰক্ষণ আৰু ইয়াৰ জনপ্ৰিয়কৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। এইবাৰ এই প্ৰজাতিৰ ফুলবিধৰ আৱিস্কাৰ...

May 13, 2025 12:24 PM

views 58

ভাৰত-পাকিস্তানৰ সংঘৰ্ষত ছহিদ হোৱা মণিপুৰৰ দীপক চিমনগাখামৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হব

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত ছহিদ হোৱা মণিপুৰৰ দীপক চিমনগাখাম নামৰ জোৱানজনৰ নশ্বৰ দেহ আজি ইম্ফললৈ অনা হ'ব। সীমান্ত সুৰক্ষা বাহিনী তথা সামৰিক বাহিনীয়ে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰিব। যোৱা শনিবাৰে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলী বৰ্ষণত মণিপুৰৰ এই জোৱানজনৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ ৮ জন জোৱান গুলীবিদ্ধ হৈছিল। দেওবাৰে চিকিৎসাধীন অৱস্থাত মণিপুৰৰ এই জোৱানজনে শেষ নিশ্বাস ত্যাগ কৰে। মণিপুৰৰ পূব ইম্ফল জিলা নিবাসী দীপক চিমনগাখাম সীমান্ত সুৰক্ষা বাহিনীৰ ৭ নম্বৰ বেটেলিয়নত কনিষ্...

March 21, 2025 8:01 PM

views 40

মণিপুৰৰ উগ্ৰপন্থী সংগঠন কাংলেইপাক কমিউনিষ্ট সংগঠনৰ দুজন সদস্যক আটক গুৱাহাটী আৰক্ষীৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই মণিপুৰৰ উগ্ৰপন্থী সংগঠন কাংলেইপাক কমিউনিষ্ট সংগঠনৰ দুজন সদস্যক আটক কৰে। আৰক্ষীয়ে মহানগৰৰ আই এছ বি টিৰ পৰা সংগঠনটোৰ জ্যেষ্ঠ কামাণ্ডাৰ টেকছা ইবমছা সিং আৰু মাৰণা সংগ্রাহক মেইচনাম বংগুচৌবা সিঙক আটক কৰে। উগ্ৰপন্থী গোটটোৰ সদস্য দুজন মণিপুৰত ধন দাবী আৰু অস্ত্ৰ-শস্ত্ৰ সম্পৰ্কীয় বহু অপৰাধৰ সৈতে জড়িত হৈ আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

March 17, 2025 7:57 PM

views 75

মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কত আজি ৰাজ্যসভাত আলোচনা

বর্তমান ৰাষ্ট্ৰপতি শাসনত থকা মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কত আজি ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হয়। উচ্চ সদনে আজি মণিপুৰ বিনিয়োজন বিধেয়ক ২০২৫ আৰু ৰাজ্যখনৰ ২০২৫ বৰ্ষৰ লেখানুদান প্ৰস্তাৱ সম্পৰ্কত আলোচনা কৰে। এই সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ শক্তি সিং গহিলে ৰাজনৈতিক মতানৈক্য দূৰ কৰি মণিপুৰত শান্তি আৰু সুস্থিৰতা ঘুৰাই অনাৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ কয়, যে ৰাজ্যখনত যোৱা সময়ছোৱাত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত প্ৰায় ৬০ হাজাৰ লোক স্থানচ্যুত হ'বলগীয়া হৈছে। এই লোকসকলৰ পুনৰ সংস্থ...

March 9, 2025 8:15 PM

views 54

মণিপুৰৰ কাংপোপি জিলাত কুকি-জো সংগঠনৰ অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান

মণিপুৰৰ কাংপোপি জিলাত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰাৰ লগতে স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত হোৱাৰ প্ৰতিবাদত কুকি-জো সংগঠনে অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান জনাইছে। ইম্ফল-ডিমাপুৰ পথকে ধৰি জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ৰাজ্যখনত কালি সংঘটিত হিংসাত্মক প্রতিবাদত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৪০গৰাকীতকৈ অধিক লোক আহত হয়। ৰাজ্যখনত জনসাধাৰণৰ মুক্ত আহ-যাহৰ অনুমতি প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ আৰক্ষীয...

March 9, 2025 12:15 PM

views 66

মণিপুৰৰ কাংপোক্‌পি জিলাত কুকি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীৰ প্ৰাণহানি

মণিপুৰৰ কাংপোক্‌পি জিলাৰ বিভিন্ন অংশত কালি কুকি প্ৰদৰ্শনকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱায় আৰু অন্য ২৫ জন আহত হয়। নিহত লোকজনক লাল গৌথা সিংগছিত বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি মতে কেইথেলমান্বিত হোৱা সংঘৰ্ষত এই ৩০ বছৰীয়া লোকজন গুলীবিদ্ধ হয় আৰু চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাত মৃত্যু ঘটে। ইপিনে গামগিফাই, মতবুং আৰু কেইথেলমান্বিত হোৱা সংঘৰ্ষত কমেও ২৫ জন প্ৰতিবাদকাৰী আহত হয়। আহত লোকসকলক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনত জনসাধাৰণৰ মুক্ত আ...

February 14, 2025 12:05 PM

views 58

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদ ত্যাগ কৰাৰ পাছত বিজেপিয়ে পুনৰ চৰকাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যপালৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছে। গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। অধিসূচনাত এই বুলি কোৱা হৈছে যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মণিপুৰৰ ৰাজ্যপালৰ পৰা এখন প্রতিবেদন লাভ কৰিছিল আৰু এই প্ৰতিবেদন চালি-জাৰি চাই সংবিধানৰ ৩৫৬ অনুচ্ছেদ অনুসৰি ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছে। ৰাজ্যখনৰ বি...

February 10, 2025 10:50 AM

views 66

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ পদত্যাগ

■ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি পদত্যাগপত্র দাখিল কৰে। শ্ৰীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰী বাচনি নকৰা পৰ্যন্ত দায়িত্ববাহী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগপত্র দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক...