December 29, 2024 12:20 PM

views 55

মণিপুৰৰ থামনাপক্‌পিত কুকি আৰু মেইটেই জনগোষ্ঠীয় বিদ্ৰোহীৰ মাজত সংঘর্ষ অব্যাহত

মণিপুৰৰ পূব ইম্ফল আৰু কাংপপি জিলাৰ সীমান্তৱৰ্তী থামনাপক্‌পিত কুকি আৰু মেইটেই জনগোষ্ঠীয় বিদ্ৰোহীৰ মাজত হিংসাত্মক সংঘর্ষ অব্যাহত আছে। ঘটনাস্থলীত আৰক্ষী তথা নিৰাপত্তাবাহিনীৰ লোকক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে। এই সংঘৰ্ষত সাংবাদিক, আৰক্ষীসহ বহুলোক আহত হোৱাৰ খবৰ পোৱা গৈছে। অঞ্চলটোত আতংকিত ৰাইজে গাঁও এৰি নিৰাপদ স্থানলৈ পলায়ন কৰিছে। ৰাজ্যখনৰ কেতবোৰ অঞ্চলত নতুনকৈ হিংসাত্মক ঘটনা আৰম্ভ হৈছে। পূব ইম্ফল জিলাত এদল সশস্ত্ৰ লোকৰ সৈতে হোৱা গুলীয়াগুলিত কেইবাজনো সাধাৰণ লোক আৰু সুৰক্ষাকৰ্মী আহত হয়...

November 18, 2024 12:13 PM

views 59

মণিপুৰত অনির্দিষ্ট কালৰ বাবে জাৰি কৰা কার্ফিউ অব্যাহত

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে যদিও ভিতৰি ভিতৰি উত্তেজনা অব্যাহত আছে। অৱশ্যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে ভালেমান স্পৰ্শকাতৰ অঞ্চলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী নিয়োগ কৰিছে। আনহাতে অনির্দিষ্ট কালৰ বাবে জাৰি কৰা কার্ফিউ আজিও অব্যাহত আছে। ৰাজ্যখনৰ গৃহ বিভাগে সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰা দেশ তথা সমাজ বিৰোধী বিভিন্ন উৰা-বাতৰি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্য পৰহি বিয়লি জ...

November 17, 2024 6:23 PM

views 68

মণিপুৰৰ জনসাধাৰণক কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে সুৰক্ষা বাহিনীৰে সহযোগিতা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আহ্বান

মণিপুৰৰ পৰিস্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খাইছে। জিৰিবাম জিলাৰ পৰা ছদিন পূর্বে তিনিটি শিশু আৰু তিনিগৰাকী মহিলা সন্ধানহীন হোৱাৰ পাছত শেহতীয়াকৈ আটাইকেইগৰাকীৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। শুকুৰবাৰে নিশা আৰু শনিবাৰে মৃতদেহকেইটা নদীত উদ্ধাৰ হোৱাৰ পাছত কালিৰে পৰা মেইটেই লোকৰ প্ৰতিবাদত ৰাজ্যখনৰ পৰিস্থিতি উত্তাল হৈ পৰিছে। একাংশ প্ৰতিবাদকাৰীয়ে কালি ৰাজ্যখনৰ দুজন মন্ত্ৰী আৰু তিনিজন বিধায়কৰ বাসগৃহত আক্ৰমণ কৰাৰ পাছত ইম্ফলত সান্ধ্য আইন জাৰি কৰাৰ লগতে চাৰ...

November 16, 2024 8:17 PM

views 60

মণিপুৰলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ সুৰক্ষা বাহিনী সমূহক নির্দেশ গৃহ মন্ত্ৰ্যালয়ৰ

মণিপুৰলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ সুৰক্ষা বাহিনী সমূহক নির্দেশ দিয়া হৈছে বুলি গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয় এটা বিবৃতিৰ যোগে কৈছে যে দুয়োটা সম্প্ৰদায়ৰ সশস্ত্র দুষ্কৃতিকৰীয়ে হিংসাত লিপ্ত হৈছে আৰু ইয়াৰ ফলত একাংশ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। হিংসা অথবা বিঘটনকামী কাম-কাজৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰালয়ে সকিয়াই দিছে। এই সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ গোচৰসমূহ ফলপ্ৰসূ তদন্তৰ খাতিৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থালৈ হস্তা...

November 12, 2024 8:30 AM

views 59

মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১০টা উগ্রপন্থী নিহত

মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কালি ১০টা উগ্রপন্থী নিহত হয়। জানিব পৰা মতে জিৰিবাম জিলাৰ জাকুৰাধৰ আৰু বৰোবেক্ৰা আৰক্ষী চকীত অৱস্থিত চি আৰ পি এফৰ পহৰাচকীত কালি বিয়লি সশস্ত্র উগ্রপন্থীয়ে আক্ৰমণ চলায়। নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থী গোটৰ মাজত হোৱা সংঘৰ্ষৰ পাছত ঘটনাস্থলীৰ পৰা উগ্ৰপন্থীকেইটাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই সংঘৰ্ষত চি আৰ পি এফৰ এজন জোৱানো আহত হয়।

September 2, 2024 3:48 PM

views 90

পশ্চিম ইম্ফলত কুকি উগ্রপন্থীৰ আক্ৰমণত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত

মণিপুৰৰ পশ্চিম ইম্ফলত কালি কুকি উগ্রপন্থীয়ে ড্রোন, বোমা আৰু অত্যাধুনিক অস্ত্ৰৰে কৌটুক গাঁৱৰ লোকসকলক আক্ৰমণ কৰাৰ ফলত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণত গুলীৰ আঘাতত গাংবাম চুৰবালা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। আহত হোৱা লোকসকলৰ ভিতৰত মহিলাগৰাকীৰ ৮ বছৰীয়া কন্যা আৰু দুগৰাকী আৰক্ষী জোৱানো আছে। গৃহ বিভাগে জনোৱা মতে কুকি উগ্ৰপন্থীয়ে নিৰস্ত্ৰ গাঁওবাসীৰ মাজত ব্যাপক ধ্বংসৰ সৃষ্টি কৰা এনে কাৰ্যক ৰাজ্য চৰকাৰে শান্তি প্রতিষ্ঠা কৰিবলৈ লোৱা প্ৰচেষ্টাক ৰে'লপথৰ পৰা নমাই...

June 10, 2024 8:30 PM

views 67

মণিপুৰত ঘুৰ্ণিবতাহ আৰু শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা দল ৰাজ্যখনত উপস্থিত

মণিপুৰত যোৱা মাহত ঘুৰ্ণিবতাহ আৰু শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা দল ৰাজ্যখনত উপস্থিত হৈছে। যোৱা ৫ মে'ত হোৱা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ৰাজ্যখনৰ বিভিন্ন অংশত বাসগৃহ, যান-বাহন আৰু খেতিপথাৰৰ বিস্তৰ ক্ষতি সাধন হয়। দলটোৱে আজি থৌবাল জিলাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি এই ক্ষতিৰ বুজ লয়। ৪ জনীয়া সদস্যৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দলটোৱে জিলা পৰ্যায়ৰ বিষয়াসকলকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

June 7, 2024 8:15 PM

views 62

মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবামত সান্ধ্য আইন জাৰি

চৰকাৰে যোৱানিশাৰেপৰা আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবামত সান্ধ্য আইন জাৰি কৰিছে। পামলৈ বুলি যোৱা এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰেপৰা অঞ্চলটোৰ পৰিস্থিতি বেয়াৰ পিনে ঢাল খাইছে। ইয়াৰ উপৰি একাংশ দুৰ্বৃত্তই যোৱানিশা দুটা ভিন ভিন সম্প্ৰদায়ৰ কেইটামান বাসগৃহ জ্বলাই দিয়ে। জিলা প্রশাসনে আজি পুৱাৰেপৰা অঞ্চলটোত সান্ধ্য আইন জাৰি কৰিছে আৰু সুৰক্ষা বাহিনী আৰু জিলা পৰ্যায়ৰ বিষয়াসকলক ধন-জনৰ ৰক্ষা কৰিবলৈ নিৰ্দেশ দিছে। সুৰক্ষা বাহিনীয়ে চহৰখনৰ হিংসাপ্রৱণ এলেকা...

May 6, 2024 12:24 PM

views 53

মণিপুৰত ধুমুহা-শিলাবৃষ্টিৰ বিধ্বংসী ৰূপঃ সা-সম্পত্তিৰ ক্ষতিসাধনৰ লগতে বহু লোক গৃহহীন

♦ মণিপুৰত কালি বিয়লি অহা ধুমুহা-শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ আৰু সা-সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোক গৃহহীন হৈ পৰে বুলি জানিব পৰা গৈছে। বিষ্ণুপুৰ, নোনী, পূৱ ইম্ফল, পশ্চিম ইম্ফল, আৰু থৌবাল জিলাৰ বিভিন্ন অঞ্চল ধুমুহা-বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ মণিপুৰৰ ৰাজ্যিক পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন সঞ্চালকালয়ৰ তথ্য অনুসৰি, টামেংলং জিলাত দেওবাৰে হোৱা শিলবৰষুণৰ সৰ্বাধিক পৰিমাণ আছিল ২১.৬ মিলিমিটাৰ। ইম্ফল চহৰত সৃষ্টি হোৱা কৃত্রিম বানপানীৰ ফলত স্বাভাৱিক যাতা...

May 6, 2024 12:22 PM

views 46

ইম্ফলত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিৰ

♦ মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিয়ে কালি ইম্ফলত আয়োজিত এটা অনুষ্ঠানত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি কৰে। মণিপুৰৰ বিদ্যা ভাৰতী শিক্ষা বিকাশ সমিতিয়ে ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সাহায্য শিবিৰ সমূহত থকা শিশুসকলক শিক্ষা প্ৰদান কৰা। এই বিদ্যালয় সেৱাৰ বাহনখনত এগৰাকী শিক্ষকৰ লগতে এটা পুথিভঁৰাল, কম্পিউটাৰ আৰু খেলৰ সামগ্ৰী থাকিব। বাহনখনে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা সাহায্য শিবিৰসমূহ ভ্ৰমণ কৰি শিশুসকলক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিব। অনুষ্ঠানত দিয়া ভাষণত ৰ...