মণিপুৰৰ কাংপোপি জিলাত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰাৰ লগতে স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত হোৱাৰ প্ৰতিবাদত কুকি-জো সংগঠনে অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান জনাইছে। ইম্ফল-ডিমাপুৰ পথকে ধৰি জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ৰাজ্যখনত কালি সংঘটিত হিংসাত্মক প্রতিবাদত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৪০গৰাকীতকৈ অধিক লোক আহত হয়। ৰাজ্যখনত জনসাধাৰণৰ মুক্ত আহ-যাহৰ অনুমতি প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ পাছতে কুকি জনবসতিপ্রধান জিলাখনত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিবাদকাৰীয়ে বৃহৎ শিলৰ সহায়ত পথ অৱৰোধ কৰাৰ লগতে টায়াৰ জ্বলাই তথা গছ কাটি পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীলৈ গুলীচালনা কৰাৰ প্ৰত্যুত্তৰত গুলীচালনা কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ঘটনাত ২৭জন নিৰাপত্তাৰক্ষী আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
Assamese | March 9, 2025 8:15 PM | Manipur
মণিপুৰৰ কাংপোপি জিলাত কুকি-জো সংগঠনৰ অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান