মণিপুৰৰ পশ্চিম ইম্ফলত কালি কুকি উগ্রপন্থীয়ে ড্রোন, বোমা আৰু অত্যাধুনিক অস্ত্ৰৰে কৌটুক গাঁৱৰ লোকসকলক আক্ৰমণ কৰাৰ ফলত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণত গুলীৰ আঘাতত গাংবাম চুৰবালা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। আহত হোৱা লোকসকলৰ ভিতৰত মহিলাগৰাকীৰ ৮ বছৰীয়া কন্যা আৰু দুগৰাকী আৰক্ষী জোৱানো আছে। গৃহ বিভাগে জনোৱা মতে কুকি উগ্ৰপন্থীয়ে নিৰস্ত্ৰ গাঁওবাসীৰ মাজত ব্যাপক ধ্বংসৰ সৃষ্টি কৰা এনে কাৰ্যক ৰাজ্য চৰকাৰে শান্তি প্রতিষ্ঠা কৰিবলৈ লোৱা প্ৰচেষ্টাক ৰে’লপথৰ পৰা নমাই অনাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে।
Assamese | September 2, 2024 3:48 PM | Akashvani | Manipur | North East
পশ্চিম ইম্ফলত কুকি উগ্রপন্থীৰ আক্ৰমণত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত