October 23, 2026 6:25 PM
3
অৰুণাচল প্ৰদেশত নদীবান্ধ প্ৰকল্পৰ বিৰোধিতাৰে দল-সংগঠনে আহ্বান জনোৱা বন্ধত স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত
অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলৈ লোৱা ১১ হাজাৰ মেগাৱাট শক্তি সম্পন্ন আপাৰ ছিয়াং বহুমুখী নদীবান্ধ প্ৰকল্পৰ বিৰোধিতাৰে আজি ৰাজ্যখনৰ কেইবাটাও দল-সংগঠনে আহ্বান জনোৱা বন্ধৰ ফলত ছিয়াং, পূব ছিয়াং আৰু আপাৰ ছিয়াং জিলাত স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। বন্ধ সমৰ্থকসকলে বিভিন্ন স্থানৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰা, এই নিৰ্মাণৰ বিৰোধিতা কৰি আটক হোৱা ১০ জন লোকক শীঘ্ৰে মুক্তি দিয়া আদি বিভিন্ন দাবীৰে বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ব...