অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলৈ লোৱা ১১ হাজাৰ মেগাৱাট শক্তি সম্পন্ন আপাৰ ছিয়াং বহুমুখী নদীবান্ধ প্ৰকল্পৰ বিৰোধিতাৰে আজি ৰাজ্যখনৰ কেইবাটাও দল-সংগঠনে আহ্বান জনোৱা বন্ধৰ ফলত ছিয়াং, পূব ছিয়াং আৰু আপাৰ ছিয়াং জিলাত স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।
বন্ধ সমৰ্থকসকলে বিভিন্ন স্থানৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰা, এই নিৰ্মাণৰ বিৰোধিতা কৰি আটক হোৱা ১০ জন লোকক শীঘ্ৰে মুক্তি দিয়া আদি বিভিন্ন দাবীৰে বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰে। বন্ধৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাত অসমৰ লগতে অন্যান্য প্ৰান্তৰ পৰা অহা যাত্ৰীসকল সমস্যাৰ সন্মুখীন হয় বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে।
বন্ধৰ সময়ছোৱাত অৰুণাচলৰ গেকোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাত নিৰাপত্তা বাহিনীয়ে বন্ধ সমর্থনকাৰীৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰাত কেইবাগৰাকী মহিলা চিকিৎসাধীন হ’বলগীয়া হয় বুলি জানিব পৰা গৈছে। ইপিনে ছিয়াং নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা এই বহুমুখী নদীবান্ধ প্ৰকল্পৰ পি এফ আৰ প্ৰস্তুতৰ বাবে প্রস্তাবিত প্রকল্প থলীলৈ যোৱা পথছোৱা ৰিগা গাঁৱৰ সমীপত স্থানীয় ৰাইজে শেহতীয়াকৈ খান্দি পেলোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে।