মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিৰ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিয়ে ৰাজ্যখনৰ সীমা সুৰক্ষা, আন্তঃৰাজ্যিক পাৰপত্ৰ অর্থাৎ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা বিবাহ আৰু সম্পত্তি উত্তৰাধিকাৰ সম্পৰ্কীয় নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী জনাইছে।

আইজলত আজি অনুষ্ঠিত সাধাৰণ সভাত সংগঠনটোৱে ৰাজ্যখনৰ চৰকাৰক মিজোৰামৰ প্ৰকৃত সীমাসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল’বলৈ দাবী জনাই প্ৰস্তাৱ উত্থাপিত কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক লালমিচাংগা চাংটেই সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে।

তেওঁ কয়, যে এই সভাই ২০২৬ চনৰ মিজো বিবাহ আৰু সম্পত্তিৰ উত্তৰাধিকাৰ আইনৰ কঠোৰ ৰূপায়নৰ বাবে দাবী জনায়। তদুপৰি সংগঠনটোৱে অনা-মিজো সম্প্ৰদায়ৰ বুলি অভিহিত কৰা লোকসকলক অনুসুচীত জনজাতিৰ সুবিধাসমূহ ভোগ কৰাৰ পৰা বিৰত ৰখাৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়।

উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰীত ৰাজ্যখনৰ বিধানসভাই গ্ৰহণ কৰা সংশোধনীৰ জৰিয়তে বহুবিবাহ আৰু একাধিক বিবাহ নিষিদ্ধ কৰাৰ উপৰি অনা-মিজো সম্প্ৰদায়ৰ যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা মহিলাৰ মিজো পৰিচয় বিলুপ কৰা তথা স্বামীৰ পৰা বিচ্ছেদিত মহিলাৰ সম্পত্তিৰ অধিকাৰ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল।

সংগঠনটোৰ নেতাগৰাকীয়ে উল্লেখ কৰা মতে, মিজোৰামৰ সকলো প্ৰৱেশ পথতে আই এল পি পৰীক্ষা কৰাতো বাধ্যতামূলক কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে।

ৰাজ্যখনৰ প্ৰৱেশ কৰিব বিচৰা সকলো লোকৰে নথিপত্র প্রত্যায়িতকৰণো বাধ্যতামূলক কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে চৰকাৰী তথ্য যোগে ২০২৪ চনৰ পৰা ৰাজ্যখনৰ পাঁচ লাখৰো অধিক আই এল পি জাৰি কৰা হৈছে।

আনহাতে, যোৱা বছৰৰ ছেপ্টম্বৰত বৈৰবী চাইৰাং ৰে’লপথ মুকলি কৰাৰ পাছত ২লাখ ১৫ হাজাৰ আই এল পি জাৰি কৰা হৈছে।