October 20, 2026 5:01 PM

views 3

মিজোৰামৰ লিভিং মিউজিয়াম প্রত্যক্ষভাৱে উপভোগ কৰাৰ সুযোগ প্ৰদান

মিজোৰামৰ ফাল্কানৰ জোখোৱাত অৱস্থিত মিজো গ্রাম্য সমাজক আধাৰ কৰি স্থাপন কৰা লিভিং মিউজিয়াম বা জীৱন্ত সংগ্ৰহালয়ত দৰ্শনাৰ্থীসকলক পৰম্পৰাগত মিজো ৰীতি-নীতি আৰু জীৱন ধাৰণৰ পদ্ধতি প্রত্যক্ষভাৱে উপভোগ কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। সেয়ে সংগ্ৰহালয়টো মুকলি কৰা দিনৰে পৰা যথেষ্ট সংখ্যক দৰ্শকৰ সঁহাৰি লাভ কৰিছে। কলা আৰু সংস্কৃতি বিভাগে স্থাপন কৰা এই মিজো টিপিকেল ভিলেজৰ লক্ষ্য হৈছে নৱ প্ৰজন্মক তেওঁলোকৰ পূৰ্ব পুৰুষৰ জীৱন আৰু পৰম্পৰাৰ ব্যৱহাৰিক আভাস দিয়া। ইয়াৰ উপৰিও স্কুলীয়া শিক্ষাৰ্থীৰ বাবে এই সংগ্রহালয়ে শৈক...

September 30, 2026 10:15 AM

views 20

মিজোৰামৰ ছাইৰাঙ আৰু মণিপুৰৰ লামকাৰ মাজত ২১খন আসনযুক্ত দুখন বাছ সেৱা মুকলি

মিজোৰামৰ গড়কাপ্তানি মন্ত্রী ভানলাহলনাহে কালি আন্তঃৰাজ্যিক বাছ সেৱাৰ বাবে চালতোলাঙৰ পৰিবহণ কাৰ্যালয় চৌহদৰ পৰা আইজলৰ ছাইৰঙক মণিপুৰ লামকাৰ সৈতে সংযোগ কৰা ২১খন আসনযুক্ত দুখন বাছ মুকলি কৰে। এই সেৱা কাইলৈৰ পৰা আৰম্ভ হ'ব। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্রীভানলাহলনাহই কয়, যে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ বাবে পাহাৰীয়া অঞ্চলত বসবাস কৰা জো জনজাতি সম্প্ৰদায়ৰ মাজত একতা, অপৰিহাৰ্য্য। তেওঁ মিজোৰামক জো জনগোষ্ঠীৰ মাতৃভূমি বুলি অভিহিত কৰে। মণিপুৰৰ সংঘাতৰ মাজতে মণিপুৰ আৰু মিজোৰামৰ মাজত ভ্ৰমণ কৰা জো সম্প্...

September 26, 2026 9:26 PM

views 22

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিৰ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিয়ে ৰাজ্যখনৰ সীমা সুৰক্ষা, আন্তঃৰাজ্যিক পাৰপত্ৰ অর্থাৎ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা বিবাহ আৰু সম্পত্তি উত্তৰাধিকাৰ সম্পৰ্কীয় নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী জনাইছে। আইজলত আজি অনুষ্ঠিত সাধাৰণ সভাত সংগঠনটোৱে ৰাজ্যখনৰ চৰকাৰক মিজোৰামৰ প্ৰকৃত সীমাসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাই প্ৰস্তাৱ উত্থাপিত কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক লালমিচাংগা চাংটেই সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই সভাই ২০২৬ চনৰ মিজো বিবাহ আৰু সম্পত্তিৰ...

September 16, 2026 1:03 PM

views 11

মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত ৰক্ষা নিখিল খাড়ছেৰ গুৰুত্ব আৰোপ

মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাড়ছেই গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যখনত কৃষি উৎপাদন বৃদ্ধি আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহে বহিঃৰাজ্যত বজাৰ লাভ কৰিব পৰাকৈ জৈৱিক খেতিৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কালি আইজলত উপস্থিত হৈ ছাইটুৱাল জিলাত বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়া আৰু ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামত জৈৱিক খেতিৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা...

June 5, 2026 1:10 PM

views 28

ছুপাৰিৰ সৰবৰাহ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ মিজোৰামৰ চাম্পাইৰ ৯টা স্থানত তালাচী

বিধি বলবৎকাৰী সঞ্চালকালয়ে ম্যানমাৰৰ পৰা বাৰ্মিজ ছুপাৰিৰ সৰবৰাহ আৰু ৯৭০ কোটি টকাৰো অধিক অপৰাধৰ উপাৰ্জনৰ ধন সৰবৰাহৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত মিজোৰামৰ চাম্পাইৰ ৯টা স্থানত তালাচী চলায় ।সংস্থাটোৱে জনোৱা মতে, তদন্তত প্ৰকাশ পাইছে যে ম্যানমাৰৰ নাগৰিকে জোখোৱাথাৰ আৰু চাম্পাইৰ জৰিয়তে শুল্ক নিষ্পত্তিৰ অবিহনে টিয়াউ নদী পাৰ হৈ ভাৰতলৈ শুকান চুপাৰি সৰবৰাহ কৰিছিল। সংস্থাটোৱে প্ৰকাশ কৰে যে স্থানীয় লোকসকলে চোৰাং ছুপাৰি চম্পাইৰ গুদামত মজুত কৰি অসম-মিজোৰাম সীমান্তৰ ভাইৰেংটেলৈ যাতায়তৰ সমন্বয় সাধন কৰে। এই ক...

November 12, 2025 12:36 PM

views 86

যান-বাহন ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অতুলনীয় সাফল্যৰ বাবে মিজোৰামলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ বঁটা

মিজোৰামে ৰাজ্যখনত যান-বাহন ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অতুলনীয় সাফল্যৰ বাবে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ নগৰীয়া পৰিবহণ বিভাগৰ দ্বাৰা বিশেষ বঁটা লাভ কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত অনুষ্ঠিত অষ্টাদশ আৰবান মবিলিটি ইণ্ডিয়া সন্মিলনত ৰাজ্যখনক কালি এই বঁটাৰে সন্মানিত কৰা হয়। মিজোৰামৰ নগৰ উন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণ বিভাগৰ সচিব লালমালচাট্টমা পাচোৱাই এই বঁটা গ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় নগৰ পৰিক্ৰমা আৰু গৃহ নিৰ্মাণ মন্ত্রী মনোহৰ লাল আৰু বিভাগটোৰ ৰাজ্য মন্ত্রী তোখন চাহ...

October 27, 2025 9:14 PM

views 102

দেশৰ ভিতৰত আটাইতকৈ কম দুর্নীতি হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থানত মিজোৰাম

মিজোৰামে দেশৰ ভিতৰত আটাইতকৈ কম দুর্নীতি হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে। এই তালিকাত লাক্ষাদ্বীপ প্রথম স্থানত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুঅ'মাই সতর্কতা সজাগতা সপ্তাহ ২০২৫ উপলক্ষে এই কথা ঘোষণা কৰে। এই সফলতাৰ ক্ষেত্ৰত ৰাজ্যখনৰ চৰকাৰৰ সুপ্ৰশাসন আৰু স্বচ্ছতাৰ নীতিয়ে অৰিহণা যোগাইছে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ সমন্বিত আৰু দায়বদ্ধ প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে। তেওঁ কয়, যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতিব...

October 7, 2025 12:00 PM

views 131

অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব

● নির্বাচন আয়োগে অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। অহা ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন আয়োগে কালি সন্ধিয়া মিজোৰামৰ ডাম্পা সমষ্টিৰ লগতে আৰু আন ৭ খন ৰাজ্যৰ কেইবাটাও সমষ্টিৰ উপ-নির্বাচন তথা বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

October 4, 2025 12:39 PM

views 77

২০২৫-২৬ বৰ্ষৰ বাবে মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ১৪ কোটি ৪০ লাখ টকাৰ দ্বিতীয় কিস্তিৰ অনুদান মুকলি

 কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অধীনত ১৪ কোটি ৪০ লাখ টকাৰ দ্বিতীয় কিস্তিৰ অনুদান মুকলি কৰিছে। পঞ্চায়তীৰাজ মন্ত্রালয়ে জনোৱা মতে, এই অনুদানৰ জৰিয়তে ৰাজ্যখনৰ ৮০৮ খন যোগ্য গাঁও পৰিষদৰ সকলো উপকৃত হ'ব। এই অনুদানসমূহ ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিশোধন, খোৱাপানীৰ যোগান আৰু বৰষুণৰ পানী সংগ্ৰহকে ধৰি অনাময় আৰু অ'ডিএফৰ মৰ্যাদা ৰক্ষাৰ সৈতে জড়িত মৌলিক সেৱাসমূহৰ বাবে ব্যৱহাৰ কৰা হ'ব।

September 1, 2025 11:50 AM

views 125

মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে মিজোৰাম চৰকাৰৰ আজিৰে পৰা ৪ মহীয়া বিশেষ অভিযান আৰম্ভ

■ মিজোৰাম চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধ কৰাৰ বাবে আজিৰে পৰা চাৰিমহীয়া বিশেষ অভিযান আৰম্ভ কৰিছে। ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে সুদীর্ঘ এই বিশেষ চাৰিমহীয়া অভিযান আজিৰে পৰা আৰম্ভ হৈছে আৰু ই চলিত বছৰৰ ৩১ ডিচেম্বৰত অন্ত পৰিব। আৰক্ষী, আইন বলৱৎকাৰী বিভিন্ন সংস্থা আৰু ইয়ং মিজো এছ'ছিয়েচনৰ উদ্যোগত ৰাজ্যখনৰ ১১ খন জিলাৰ মাদক দ্রব্য প্ৰভাৱিত অঞ্চল, গাওঁ আৰু সীমান্ত অঞ্চলত এই অভিযান চলোৱা হ'ব। মিজোৰামৰ ছখন জিলা বিশেষকৈ- চাম্ফাই, চিহা, লংটলাই, হুনাহথিয়াল, চাইটুৱাল আৰু চেৰচ্চিপ অ...