June 5, 2026 1:10 PM | Mizoram

printer

ছুপাৰিৰ সৰবৰাহ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ মিজোৰামৰ চাম্পাইৰ ৯টা স্থানত তালাচী

বিধি বলবৎকাৰী সঞ্চালকালয়ে ম্যানমাৰৰ পৰা বাৰ্মিজ ছুপাৰিৰ সৰবৰাহ আৰু ৯৭০ কোটি টকাৰো অধিক অপৰাধৰ উপাৰ্জনৰ ধন সৰবৰাহৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত মিজোৰামৰ চাম্পাইৰ ৯টা স্থানত তালাচী চলায় ।সংস্থাটোৱে জনোৱা মতে, তদন্তত প্ৰকাশ পাইছে যে ম্যানমাৰৰ নাগৰিকে জোখোৱাথাৰ আৰু চাম্পাইৰ জৰিয়তে শুল্ক নিষ্পত্তিৰ অবিহনে টিয়াউ নদী পাৰ হৈ ভাৰতলৈ শুকান চুপাৰি সৰবৰাহ কৰিছিল। সংস্থাটোৱে প্ৰকাশ কৰে যে স্থানীয় লোকসকলে চোৰাং ছুপাৰি চম্পাইৰ গুদামত মজুত কৰি অসম-মিজোৰাম সীমান্তৰ ভাইৰেংটেলৈ যাতায়তৰ সমন্বয় সাধন কৰে। এই কাম-কাজৰ বাবে অসমৰ শিলচৰৰ ব্যৱসায়ী আৰু বিত্তীয় সাহায্য প্রদানকাৰিয়ে বেংকিং চেনেলৰ জৰিয়তে মিজোৰামৰ কিছু স্থানীয় লোকৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে উল্লেখ কৰে যে ২০২১ চনৰ পৰা ২০২৪ চনলৈকে চম্পাই জিলাত চুপাৰি চলাচলৰ বাবে অবৈধ প্ৰমাণপত্ৰ আৰু ভুৱা শুল্ক নিষ্পত্তিৰ নথি ব্যৱহাৰ কৰি জি এছ টিৰ অধীনত পঞ্জীয়ন নকৰা সত্বেও জালিয়াতিৰে ২৫১ কোটি ১৯ লাখ টকা মূল্যৰ (এছজিএছটি) আৰু ৮৬ কোটি ২৫ লাখ টকাৰ ই-ৱে বিল প্রস্তুত কৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।