কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অধীনত ১৪ কোটি ৪০ লাখ টকাৰ দ্বিতীয় কিস্তিৰ অনুদান মুকলি কৰিছে। পঞ্চায়তীৰাজ মন্ত্রালয়ে জনোৱা মতে, এই অনুদানৰ জৰিয়তে ৰাজ্যখনৰ ৮০৮ খন যোগ্য গাঁও পৰিষদৰ সকলো উপকৃত হ’ব। এই অনুদানসমূহ ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিশোধন, খোৱাপানীৰ যোগান আৰু বৰষুণৰ পানী সংগ্ৰহকে ধৰি অনাময় আৰু অ’ডিএফৰ মৰ্যাদা ৰক্ষাৰ সৈতে জড়িত মৌলিক সেৱাসমূহৰ বাবে ব্যৱহাৰ কৰা হ’ব।
Assamese | October 4, 2025 12:39 PM | Mizoram
২০২৫-২৬ বৰ্ষৰ বাবে মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ১৪ কোটি ৪০ লাখ টকাৰ দ্বিতীয় কিস্তিৰ অনুদান মুকলি