September 16, 2026 1:03 PM | Mizoram

printer

মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত ৰক্ষা নিখিল খাড়ছেৰ গুৰুত্ব আৰোপ

মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাড়ছেই গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যখনত কৃষি উৎপাদন বৃদ্ধি আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহে বহিঃৰাজ্যত বজাৰ লাভ কৰিব পৰাকৈ জৈৱিক খেতিৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কালি আইজলত উপস্থিত হৈ ছাইটুৱাল জিলাত বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়া আৰু ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামত জৈৱিক খেতিৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে আৰু ৰাজ্যখনে উচিত ব্যৱস্থাৰে কৃষি আৰু উদ্যান শস্যসমূহৰ পেকেজিঙৰ জৰিয়তে বহিঃৰাজ্যলৈ ৰপ্তানি কৰিব পাৰে। তেওঁ চৰকাৰী বিষয়াসকলৰ উপৰি স্থানীয় লোকসকলক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা যোগ্যজনে পোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী লালিংল’ভা মা’ৰৰ সৈতে আলোচনাত মিলিত হয়। মিজোৰামৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে বিদ্যালয় পর্যায়তে শিক্ষাৰ্থীসকলৰ ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মক চৰকাৰৰ মেৰা যুৱ ভাৰত কাৰ্যসূচীৰ অধীনত মাদকদ্রব্য বিৰোধী অনুষ্ঠানত অংশ ল’বলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি ছাইটুৱালৰ কলাছিৱত চৰকাৰী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰিব। তেওঁ আইজললৈ উভতি যোৱাৰ পূৰ্বে ছাইটুৱাল জিলা চিকিৎসালয়খনো পৰিদৰ্শন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।