নাৰ্কটিক কন্ট্রোল ব্যুৰোৰ আগৰতলা শাখাৰ মিজোৰাম আৰু ত্ৰিপুৰাত দুটা পৃথক পৃথক অভিযানত প্রায় ১৭ কোটি ৮৪ লাখ টকাৰ ২২ কিলোগ্রাম মেটামফেটামাইন টেবলেট জব্দ

উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলা অভিযানৰ অংশ হিচাপে নিচাযুক্ত দ্ৰব্য নিয়ন্ত্রক সংস্থা অর্থাৎ নাৰ্কটিক কন্ট্রোল ব্যুৰোৰ আগৰতলা শাখাই মিজোৰাম আৰু ত্ৰিপুৰাত দুটা পৃথক পৃথক অভিযানত প্রায় ১৭ কোটি ৮৪ লাখ টকাৰ ২২ কিলোগ্রাম মেটামফেটামাইন টেবলেট জব্দ কৰে।

এই ঘটনাত ম্যানমাৰৰ এজন নাগৰিককে ধৰি ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাৰ মিজোৰাম কার্যালয়ে স্থানীয় আৰক্ষী আৰু অনুসন্ধান সংস্থাৰ সহযোগত জোখাওথাৰ-চাম্ফাই খণ্ডৰ ভাৰত ম্যানমাৰ সীমান্তৰ সমীপত ২ ছেপ্তেম্বৰৰ মাজনিশা অভিযান চলাই ম্যানমাৰৰ এজন নাগৰিকক গ্ৰেপ্তাৰ কৰে আৰু লগতে প্ৰায় এঘাৰ কোটি ৪১ লাখ মূল্যৰ মেটামফেটামাইন টেবলেট জব্দ কৰে৷

ত্ৰিপুৰাত কালি বিশ্রামগঞ্জৰ সমীপৰ এন চি পি আগৰতলা শাখাই এখন ডাম্পাৰৰ পৰা লুকুৱাই থোৱা অৱস্থাত প্ৰায় ৮ কিলোগ্রাম মেটামফেটামাইন টেবলেট জব্দ কৰে। এই ঘটনাত ত্ৰিপুৰাৰ ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

নিচাযুক্ত ঔষধৰ নেটৱৰ্ক, আর্থিক সংযোগ আৰু উদ্দেশ্য প্রণোদিত গ্ৰাহকৰ সন্ধানত সংস্থাই অধিক তদন্ত চলাই আছে। নিচাযুক্ত দ্রব্য নিয়ন্ত্রক সংস্থাই নাগৰিকসকলক সকলো সময়তে উপলব্ধ টোল ফ্রি হেল্পলাইন নম্বৰ ১৯৩৩ ৰ জৰিয়তে ড্ৰাগছ সম্পৰ্কীয় যিকোনো তথ্য প্রকাশ কৰিবলৈ আহ্বান জনায়।