অৰুণাচলত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব

দুদিনীয়া উত্তৰ-পূব ভ্রমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব।

মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্রস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্রীচৌহানে ক্ষতিগ্রস্ত লোকসকলক কৰা সাক্ষাৎকালত তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ পাছতে অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত শ্রীচৌহানে বৰ্তমানৰ বান পৰিস্থিতি, সাহায্য, পুনৰবাসন ব্যৱস্থা আৰু ভৱিষ্যৎ পদক্ষেপৰ বিষয়ে আলোচনা কৰে । আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন পর্যালোচনা কৰিব৷

কালি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে অৰুণাচল আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক এই কঠিন সময়ৰ সাহসেৰে মোকাবিলা কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই সংকটৰ পৰা পৰিত্ৰাণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে।