September 23, 2026 7:38 PM

views 9

কলিয়াবৰ ৰাজহ চক্ৰৰ বামুনীৰ ভাটাবাৰী অঞ্চলৰ অর্ধশতাধিক পৰিয়ালৰ বাসগৃহ বানৰ কবলত

কাৰ্বি পাহাৰত যোৱা নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে কলিয়াবৰ ৰাজহ চক্ৰৰ বামুনীৰ ভাটাবাৰী অঞ্চলৰ অর্ধশতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলায়। বাঢ়নি পানীয়ে ভাটাবাৰী অঞ্চলত বাসগৃহৰ উপৰি খেতি পথাৰ আৰু পশুধনৰো ক্ষতি কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোৰ বামুণী নিজৰিগাঁও, কাঠাৰগাঁও আৰু উপৰ বৰভগীয়া গাঁও বানৰ কবলত পৰিছে। জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে অঞ্চলটোত বানৰ ফলত শতাধিক লোক প্রভাবিত হয়। নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীয়ে নগাওঁ চহ...

September 10, 2026 1:57 PM

views 33

অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেৰ দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন

অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰিছে। বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত অসম যুৱ পৰিষদৰ এখন বৈঠকত পাছত পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে কালি কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা ৰাজ্যৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে। কেৱল ৰাজ্যিক পৰ্যায়ত এই সমস্যা সমাধানৰ চেষ্টা চলাই থাকিলে ইয়াৰ স্থায়ী সমাধান সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰে। শ্...

September 2, 2026 6:04 PM

views 14

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সময়ে সময়ে কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা মানাহ আৰু বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ বাক্সা জিলাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে মৰা পাগলাদিয়া, কালদিয়া, পহুমাৰা আৰু পাগলাদিয়া নৈৰ জলস্তৰ বৃদ্ধি পাই আছে। অৱশ্যে বেকী নৈৰ জলস্তৰ এতিয়াও সুস্থিৰ হৈ আছে। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভা...

August 14, 2026 12:01 PM

views 23

ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও সম্পূৰ্ণৰূপে আঁতৰা নাই বানৰ বিভীষিকা

ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ ৭খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৩৭০খন গাঁৱৰ ৭৭ হাজাৰ ৫৪২ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ৯, ৯০৮.৮৫ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৩ হৈছেগৈ।

August 13, 2026 5:33 PM

views 17

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসে আজি শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন কৰে। শ্ৰী দাসে চুমনী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ-দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যৱেক্ষণ কৰে। শ্ৰী দাসে বান প্রভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্রয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াব বু...

August 13, 2026 4:30 PM

views 40

১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে উজনি অসমৰ ভিন্ন অঞ্চলত বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে

১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়চোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূর্বানুমান আৰু বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে কয়, যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে সাতদিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্ত...

August 12, 2026 7:08 PM

views 24

বানত ক্ষতিগ্রস্ত ৪ খন জিলাৰ ৪৯৪টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আর্থিক সাহায্য প্রদান ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্রস্ত ৪৯৪টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আর্থিক সাহায্য প্রদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই এই সাহায্য মুকলি কৰে। সংবাদমেলত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ আঢ়ৈ লাখ টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ ১১ কোটি ৩০ লাখ টকাৰ পুঁজি আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ড০ শর্মাই কয় যে অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃ...

August 12, 2026 6:24 PM

views 17

বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন ৩০ আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয়-ক্ষতিৰ সমীক্ষা কৰাৰ বাবে ৰাজ্যত তিনিটা পৰ্যায়ত জৰীপ কৰা হ'ব। ইতিমধ্যে যোৱা ৯ আগষ্টৰ পৰা প্ৰথম পৰ্যায়ৰ জৰীপ চলি আছে। বানৰ ক্ষয়-ক্ষতিৰ বাবদ এহেজাৰ কোটি টকা ব্যয় কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা ২০ আগষ্টৰ পূৰ্বে ডেৰ লাখ টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ড০ শৰ্মাই শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ বান ক্ষতিগ্ৰস্ত জনসাধ...

August 12, 2026 12:11 PM

views 20

ৰাজ্যৰ বান প্রভাৱিত ২৫৪খন বিদ্যালয়ত ১৭ আগষ্টৰ পৰা পাঠদান

ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্রতিক বানত ৪৪১খন গাঁৱৰ ১ লাখ ১২ হাজাৰ ৭১৮জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০,৮৭৯.০৩ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ হৈছেগৈ। বিগত ৪৮ ঘণ্টাত বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই । উজনি অসমৰ চাৰিখন জিলাৰ ২৫৪ খন বিদ্যালয়ত ১৭ আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পা...

August 11, 2026 11:47 AM

views 20

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল বৰ্তমানেও বানৰ কবলত আছে

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৫৬ খন গাঁৱৰ ১ লাখ ৩৭ হাজাৰ ৫৯০ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১১ হাজাৰ ৯৩৩.৪৬ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্রতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি ব...