ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয়-ক্ষতিৰ সমীক্ষা কৰাৰ বাবে ৰাজ্যত তিনিটা পৰ্যায়ত জৰীপ কৰা হ’ব। ইতিমধ্যে যোৱা ৯ আগষ্টৰ পৰা প্ৰথম পৰ্যায়ৰ জৰীপ চলি আছে। বানৰ ক্ষয়-ক্ষতিৰ বাবদ এহেজাৰ কোটি টকা ব্যয় কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা ২০ আগষ্টৰ পূৰ্বে ডেৰ লাখ টকাকৈ অনুদান মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে। ড০ শৰ্মাই শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ বান ক্ষতিগ্ৰস্ত জনসাধাৰণক তেওঁলোকৰ বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন ৩০ আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়।
ইপিনে, ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্রতিক বানত ৪৪১ খন গাঁৱৰ ১ লাখ ১২ হাজাৰ ৭১৮ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০ হাজাৰ ৮৭৯ দশমিক ০-৩ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০২ হৈছেগৈ।
উজনি অসমৰ চাৰিখন জিলাৰ ২৫৪ খন বিদ্যালয়ত ১৭ আগষ্টৰ পৰাহে পাঠদান কৰা হ’ব। শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ ১৭ আগষ্ট পর্যন্ত বন্ধ ৰখা হৈছে।