বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসে আজি শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন কৰে। শ্ৰী দাসে চুমনী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়।
অধ্যক্ষগৰাকীৰ সৈতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ-দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যৱেক্ষণ কৰে।
শ্ৰী দাসে বান প্রভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্রয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।