September 2, 2026 9:04 PM

views 32

কেন্দ্ৰীয় মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ

অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই অসমৰ পৰিৱৰ্তিত পৰিস্থিতি আৰু দেশৰ উন্নয়নৰ ক্ষেত্ৰত অসমৰ কৰ্মবৰ্ধমান গুৰুত্বৰ বিষয়ে আলোচনা কৰে। এই আলোচনাত ড° জীতেন্দ্র সিঙে অসমত দ্রুতগতিত চলি থকা উন্নয়নমূলক কাম-কাজৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ইচ্ছাৰ বাবেই ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্পই গতি লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। বিগত এটা দশকত অসমত হোৱা উন্নয়নৰ বিষয...

August 13, 2026 5:33 PM

views 10

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসে আজি শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন কৰে। শ্ৰী দাসে চুমনী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ-দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যৱেক্ষণ কৰে। শ্ৰী দাসে বান প্রভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্রয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াব বু...

July 8, 2026 12:23 PM

views 29

পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERT-ৰ পাঠ্যক্ৰমত সন্নিবিষ্টৰ বাবে ব্যৱস্থা ল’বলৈ অসম বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ

ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERT-ৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰনজিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰী কোঁৱৰে বিধানসভাৰ ৩০১ নম্বৰ অধিনিয়মৰ অধী...

July 4, 2026 7:24 PM

views 14

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱ নিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেছন কাৰ্যসূচী আৰম্ভ

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱ নিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেছন কাৰ্যসূচী আৰম্ভ হৈছে। দিশপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱ নিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্রতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত ৯ গৰাকী আমন্ত্রিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্...

July 24, 2025 7:32 PM

views 48

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত অহা ৩১ অক্টোবৰৰ ভিতৰত ২৮ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ’বঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত অহা ৩১ অক্টোবৰৰ ভিতৰত ২৮ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। শিৱসাগৰ জিলা আয়ুক্ত সভাকক্ষত আজি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত এখন পর্যালোচনা সভাত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে এই আঁচনিৰ অধীনত ৰাজ্যত ২৮ লাখ গৃহৰ ভিতৰত ২১ লাখৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বাকী থকা ৭ লাখ গৃহৰ নিৰ্মাণকাৰ্য চলি আছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত শিৱস...

June 6, 2025 8:34 PM

views 79

বঙাইগাঁৱত ১,০০৭ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান

বঙাইগাঁও জিলাতো আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে ১,০০৭ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে মাতৃৰ পিছতে অংগনবাড়ী কর্মীসকল হৈছে শিশুসকলৰ পথ প্ৰদৰ্শক। অংগনবাড়ী কর্মীসকলে যাতে কামসমূহ সূচাৰুৰূপে কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্মার্ট ফোন প্ৰদান কৰা হৈছে বুলি জিলাখনৰ আয়ুক্ত নৱদীপ পাঠকে অনুষ্ঠানত উল্লেখ কৰে৷

March 11, 2025 8:31 PM

views 73

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছেঃ ৰণজিৎ কুমাৰ দাস

ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপেক্ষে পূৰণ কৰাৰ লগতে পর্যায়ক্রমে পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব। বিভাগটোৰ অধীনত বৰ্তমান ৭,৫৮৭ জন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

December 18, 2024 1:11 PM

views 68

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত বঙাইগাঁও আৰু ধুবুৰী জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মাজুলীত নন্দিতা গাৰ্লোৰ্ছা, শিৱসাগৰত ...

December 16, 2024 8:31 PM

views 61

অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে : মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস

গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে বুলি মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে প্ৰকাশ কৰিছে। যোৱা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত এই মেলাত অসমকে ধৰি ২৭খন ৰাজ্যৰ ২৩৮ খন বিপণীয়ে অংশ লৈছিল। ইয়াৰ ভিতৰত ৰাজ্যৰ ১৩৮টা আত্মসহায়ক গোটৰ বিপণী আৰু বহিঃৰাজ্যৰ ১০০ খন বিপণী মুকলি কৰা হৈছিল। উল্লেখযোগ্য যে বিগত বৰ্ষত এই মেলাত ৮ কোটি ৭৪ লাখ টকাৰ সামগ্ৰীহে বিক্ৰী হৈছিল। এইবাৰৰ মেলাত লখিমপুৰৰ পূৰ্ণিমা মহিলা আত্মসহায...

October 4, 2024 7:38 PM

views 55

ধুবুৰীত নাবাৰ্ডৰ নৱনিৰ্মিত জিলা কাৰ্যালয়ৰ আনুষ্ঠানিক উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ধুবুৰীত নাবাৰ্ডৰ নৱনিৰ্মিত জিলা কাৰ্যালয়টোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে কার্যালয় মুকলি কৰি অনাগত দিনত নাবার্ডে জিলাখনৰ কৃষিখণ্ড তথা গ্ৰাম্য উদ্যোগৰ সৈতে জড়িতসকলক বিভিন্ন সহায়-সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।