বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱ নিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেছন কাৰ্যসূচী আৰম্ভ হৈছে। দিশপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱ নিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্রতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব।
এই কাৰ্যসূচীত ৯ গৰাকী আমন্ত্রিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। বিশেষকৈ বিধানসভাৰ কার্যপ্রণালী, বিতৰ্কত ভাগ লোৱা প্ৰক্ৰিয়া, প্রশ্ন উত্থাপনৰ বিভিন্ন প্রক্রিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে।
শ্রীদাসে আজি অহা ৬ জুলাইত আৰম্ভ হ’বলগীয়া বাজেট অধিবেশনৰ প্ৰাকক্ষণত এখন সর্বদলীয় বৈঠকতো অধ্যক্ষতা কৰে। তেওঁ এই অধিবেশন সফলভাৱে পৰিচালনাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে।