July 30, 2026 3:42 PM

views 60

চলিত বছৰৰ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি সামৰণি পৰে

অসম বিধানসভাৰ চলিত বছৰৰ বাজেট অধিৱেশনৰ কালি সামৰণি পৰে। এইবাৰৰ অধিৱেশনত ১৪ দিনৰ বাবে কাৰ্যক্ৰমণিকা অনুষ্ঠিত হয়। বান পৰিস্থিতিৰ বাবে অধিৱেশনৰ সময় দুদিন হ্ৰাস কৰা হয়। ৬ জুলাইত আৰম্ভ হোৱা এই অধিৱেশনত চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ উপৰি দুখন নতুন আৰু ১৩ খন সংশোধনী বিধেয়কসহ ১৫ খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা সদনত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ আগতে ২০২৬ চনৰ পঞ্জীয়ন অসম সংশোধনী বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধনী বিধেয়ক, অসম ভূমিক্ষেত্ৰৰ পৰিসীমা নির্ধাৰণ সংশোধনী বি...

July 22, 2026 8:08 PM

views 22

অসম বিধানসভাৰ অধিবেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা

অসম বিধানসভাৰ অধিবেশনৰ আজি দশম দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিদেশী বিতাৰণ সন্দৰ্ভত বিধায়ক আব্দুৰ ৰহিম আহমেদে কৰা প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই কয়, যে বিগত ১০ বছৰত অসমৰ পৰা ২ হাজাৰ ৮৯ গৰাকী অবৈধ নাগৰিকক প্ৰত্যাৱৰ্তন কৰা হৈছে।  মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰা অনুসৰি বিগত ১০ বছৰত বাংলাদেশলৈ সৰ্বাধিক ২ হেজাৰ ২৩ গৰাকী লোকক ঘুৰাই পঠিওৱা হৈছে। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা সন্দৰ্ভতো আজিৰ সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই কয় যে অস...

July 15, 2026 7:47 PM

views 24

অসম বিধানসভাত গুৱাহাটী মহানগৰীক পাৰ্প’ল চিটী হিচাপে গঢ় দিয়াক লৈ আলোচনা

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্প'ল চিটী হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে কয় যে ৰাজ্যৰ চহকী সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিচিত কপৌ ফুলৰ পাতল বেঙুনীয়া ৰঙেৰে সমগ্ৰ গুৱাহাটী চহৰখন সজাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে। তেওঁ কয় যে ৰাজস্থানৰ পিংক চিটী হিচাপে জনাজাত জয়পুৰৰ আৰ্হিৰে গুৱাহাটীক পার্পল চহৰ হিচাপে গঢ়ি তোলাৰ...

July 15, 2026 1:01 PM

views 27

সদনত আজি গুৱাহাটী মহানগৰীক পাপ’ল চিটী হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হৈছে

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা চাৰে ৯ বজাত প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত গুৱাহাটী মহানগৰীক পাপ’ল চিটী হিচাপে গঢ় দিয়াক লৈ আজি আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়টো উত্থাপন কৰে। ইপিনে, বাজেট সন্দৰ্ভতো আজি সদনত শাসক-বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল'ব। বিধানসভাত পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি উল্লেখ কৰে। ত...

July 13, 2026 6:54 PM

views 33

অসম বিধানসভা অধিবেশনৰ ষষ্ঠ দিনত ডি-ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত

অসম বিধানসভা অধিবেশনৰ আজি ষষ্ঠ দিনা ডি-ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। বিধায়ক নুৰুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি ৯১ হাজাৰ ৩৮৫ জন লোকৰ বিপৰীতে ডি-চিহ্ন লগোৱা হৈছে। ৰাজ্যত ৫৬ হাজাৰ ৭২৮জন ডি-ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে বুলিও মন্ত্ৰী শ্ৰীহাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত যিসকল লোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে, তাৰ...

July 13, 2026 6:51 PM

views 27

অসম বিধানসভাৰ ষষ্ঠ দিনত মহিলাৰ মাইক্ৰ’ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা মহিলাৰ মাইক্ৰ’ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মহিলাৰ মাইক্ৰ'ফাইনেন্স ঋণ সন্দৰ্ভত উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতংভাৱে প্ৰকাশ কৰে। মন্ত্ৰী মল্লবৰুৱাই কয়, যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ'ফাইনেন্সৰ ঋণ এক লাখ ২৫ হাজাৰতকৈ বেছি দিব নোৱাৰে। মাইক্ৰ’ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত ২০২১ চনত ৩৭ টা ঋণ প্রদান কাৰি সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ ...

July 13, 2026 1:32 PM

views 23

অসম বিধানসভাৰ অধিবেশনৰ আজি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা

অসম বিধানসভাৰ ষোড়শ অধিবেশনৰ আজি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক পদ্ম হাজৰিকাই ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। বিধায়ক হাজৰিকাই কয়, যে হাতী-মানুহৰ সংঘাতৰ ফলত বিগত তিনি বছৰত ১২০ টা হাতী আৰু কমেও ৩৬৩ জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। স...

July 10, 2026 6:38 PM

views 28

বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক আৰু ঘাটি বাজেট বুলি আখ্যা

বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক আৰু ঘাটি বাজেট বুলি আখ্যা দিয়ে। বাজেটত নতুন কিবা থাকিব বুলি আশা কৰা হৈছিল যদিও সেইধৰণেৰে একো বাজেটত ঘোষণা কৰা নাই বুলি তেওঁ কয়। উপ বিৰোধী দলপতি ডাঃ জয় প্রকাশ দাসেও বাজেটত একো নাই বুলি তীব্র সমালোচনা কৰে। তেওঁ কয় যে এই বাজেটত নিবনুৱাৰ বাবে কোনো উল্লেখযোগ্য বিষয় সন্নিবিষ্ট নহ'ল। স্বাস্থ্য বিভাগৰ বাহিৰে আন কতো পদ সৃষ্টি কৰা কথা বাজেটত উল্লেখ নাই বুলিও তেওঁ কয়। আন্তঃগাঁথনিৰ বিষয়সমূহো অকল গুৱাহাটীকেন্দ্ৰীক হোৱা বুলি দাসে সমাল...

July 8, 2026 1:59 PM

views 37

“১০ জুলাইত বিধানসভাত উত্থাপন হ’বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব”- বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা

অহা ১০ জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে ৷ ইপিনে, ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ...

July 8, 2026 12:23 PM

views 36

পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERT-ৰ পাঠ্যক্ৰমত সন্নিবিষ্টৰ বাবে ব্যৱস্থা ল’বলৈ অসম বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ

ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERT-ৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰনজিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰী কোঁৱৰে বিধানসভাৰ ৩০১ নম্বৰ অধিনিয়মৰ অধী...