July 8, 2026 12:16 PM

views 24

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত আজি খুমটাইৰ বিধায়ক মৃণাল শ‍ইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকাই কয়, যে ৰাজ্যৰ ২৬.৫০ লাখ কৃষকৰ ভিতৰত প্ৰায় ১৮.৫০ লাখ পঞ্জীয়নভুক্ত কৃষক। স...

July 6, 2026 7:32 PM

views 16

ধেমাজিৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনত দৃষ্টি আকৰ্ষণ

ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। জোনাইৰ দিখাৰী, চিমেন, ছিলে আদি পাহাৰীয়া নৈৰ ভয়ংকৰ বানত ক্ষতি হোৱা জিলাখনৰ ভালেসংখ্যক গাঁৱৰ পৰিৱেশ স্বাভাৱিক হোৱা নাই বুলি বিধায়ক শ্ৰী পেগুৱে উল্লেখ কৰে। ইফালে, বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বিজ্ঞান সন্মত পদ্ধতিৰে বান আৰু গৰাখনীয়া সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰা, শেহতীয়া বান গৰাখহনীয়াত ক্ষ...

July 6, 2026 6:23 PM

views 16

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰিয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বন বিভাগে চোৱাচিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শ‍ইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্...

July 6, 2026 11:50 AM

views 15

বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত

অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশনৰ পৰাই বিধানসভাত হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ‍ কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে হিন্দী ৰাষ্ট্রভাষা হোৱাৰ হেতু ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিধানসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ উপৰি বিধানসভাৰ লগ’ত হিন্দী ভাষা ব্যৱহাৰ কৰা ...

July 4, 2026 7:24 PM

views 14

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱ নিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেছন কাৰ্যসূচী আৰম্ভ

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱ নিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেছন কাৰ্যসূচী আৰম্ভ হৈছে। দিশপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱ নিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্রতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত ৯ গৰাকী আমন্ত্রিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্...

July 4, 2026 10:44 AM

views 19

বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন

বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাত দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত নৱ নিৰ্বাচিত বিধায়কসকলক বিধানসভাৰ কার্যক্রমণিকা, প্রশ্ন উত্থাপন, বিতর্কত অংশগ্রহণ আদি সন্দৰ্ভত প্রশিক্ষণ দিয়া হ'ব। বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে প্ৰকাশ কৰা মতে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত ৪৭ গৰাকী বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে। শিবিৰত বিধানসভাৰ কাৰ্যক্ৰমণিকা কেনেদৰে চলে, নিৰ্দিষ্ট বিষয়ত কেনেদৰে বক...

June 22, 2026 6:20 PM

views 24

অসম বিধানসভা সচিবালয়ৰ বিধানসভালৈ নিৰ্বাচিত বিধায়কৰ প্ৰশিক্ষণ ব্যৱস্থা

অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত ৪৭গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা ৪ আৰু ৫ জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয়, যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আ...

June 17, 2026 12:32 PM

views 41

অসম বিধান সভাৰ কাৰ্যক্ৰমণিকা ৬ৰ পৰা ৩১ জুলাইলৈ

অসম বিধান সভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কালি ৬ৰ পৰা ৩১ জুলাইলৈ চলিবলগীয়া ২৬ দিনীয়া বাজেট অধিবেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। সেই অনুসৰি বিধানসভাৰ আসন্ন অধিবেশনৰ সময়ছোৱাত মুঠ ২১ দিন বৈঠক অনুষ্ঠিত হ'ব। ১০ জুলাইত বিত্ত মন্ত্রীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মন্ত্রী কেশর মহন্ত, বিধায়ক চন্দ্রমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিকদাৰ, শ্বেৰমান আলী আহমেদ, মজিবুৰ ৰহমান আৰু ড° জয়প্রকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ভার্চুবেল ...

June 6, 2026 4:46 PM

views 45

অহা ৬ জুলাইৰ পৰা ২১ দিনৰ বাবে অসম বিধানসভাৰ বাজেট অধিৱেশন

অহা ৬ জুলাইৰ পৰা ২১ দিনৰ বাবে অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে বাজেট গৃহীত হোৱাৰ পাছত ১ আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। তেওঁ লগতে জনোৱা মতে ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ডেৰ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি দুই কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ড° শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজি...

January 18, 2026 12:14 PM

views 74

১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন

অসম বিধানসভাৰ বাজেট অধিবেশন অহা ১৬ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। বিধানসভাৰ কাৰ্যক্ৰমণিকা উপদেষ্টা কমিটীয়ে এই অধিবেশন কিমান দিনৰ বাবে অনুষ্ঠিত হ'ব সেয়া নির্ধাৰণ কৰিব। বিধানসভা নির্বাচন মার্চ শেষভাগত বা এপ্ৰিলৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে পূর্ণাংগ বাজেটৰ পৰিৱৰ্ততে লেখানুদানহে দাখিল কৰিব।