অহা ৬ জুলাইৰ পৰা ২১ দিনৰ বাবে অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে বাজেট গৃহীত হোৱাৰ পাছত ১ আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ’ব।
তেওঁ লগতে জনোৱা মতে ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ডেৰ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি দুই কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ড° শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ ২ কোটি টকাৰ ভিতৰত ১০ শতাংশ টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ’ব।
অর্থাৎ ১ কোটি ৮০ লাখ টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ’ব আৰু ২০ লাখ টকা অন্যান্য কামত খৰচ হ’ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ ৫৮ শতাংশৰ পৰা বৃদ্ধি কৰি ৬০ শতাংশ কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত ৮ লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ’ব।
কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ ২০ কিলোমিটাৰ ব্যাসার্ধলৈকে উন্নয়নমূলক কাম-কাজ কৰা হ’ব।
ইয়াৰ বাবে ৫০০ কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব।