November 29, 2025 6:49 PM

views 60

অসমত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্ণীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ

● অসমত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্ণীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ দূৰ্ণীতি নিবাৰক আৰু তদাৰক শাখাই ৩০২ জনক মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই ৮৮ জন আৰু আৰক্ষীয়ে ৪০ জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে।

November 27, 2025 8:57 PM

views 70

বিধানসভাত আজি বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত

বৈবাহিক সম্পৰ্কৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰখাৰ লগতে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ঐতিহাসিক পদক্ষেপ হিচাপে বিধানসভাই আজি বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত কৰে। শীতকালীন অধিবেশনৰ প্ৰথম দিনা উত্থাপন কৰা এই বিধেয়কৰ জৰিয়তে আইনীভাবে প্রথম বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা কাৰ্যক অপৰাধৰ শ্ৰেণীভুক্ত কৰিব খোজা হৈছে। বিধেয়কখনত পূৰ্বৰ বিবাহৰ কথা গোপনে ৰাখি দ্বিতীয় বিবাহ কৰা ব্যক্তিক ১০ বছৰ আৰু প্ৰথম বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা ব্যক্তিক ৭ বছৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনৰ অধীনত বাৰে ...

November 27, 2025 2:33 PM

views 81

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে: শিক্ষামন্ত্ৰী

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ ২৩ হাজাৰ ১৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। অসম বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্ৰকাশ কৰে। ডাঃ পেগুৱে লগতে কয়, যে বৰ্তমান ৰাজ্যখনৰ চাহ বাগিছাসমূহত ১১৮ খন আদর্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন আদর্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে ৮৭ খন বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ আৰু ৩১ খন ব...

November 27, 2025 1:11 PM

views 59

ৰাজ্যত ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ

● ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অব্যাহত ৰাখি ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ কৰিছে। বিধানসভাত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা সদৰী কৰে। তেওঁ কয়, যে ২০২১চনৰ অক্টোবৰৰ পৰা এতিয়ালৈ মাদক দ্রব্য সৰবৰাহত সন্দৰ্ভত ১৪হাজাৰ ২৩৯টা গোচৰ ৰুজু কৰা হৈছে। এনে সৰবৰাহ কাৰ্যত জড়িত থকাৰ অভিযোগত ২৩ হাজাৰ ২৭৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জব্দ কৰা মাদক দ্ৰব্যৰ ভিতৰত ৪৩৪ কোটি ৫৬ ...

November 27, 2025 1:22 PM

views 89

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি তৃতীয় দিন

● অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকা আজি পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়ে কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি বিবেচনা আৰু গৃহীত কৰোৱাৰ ব্যৱস্থা কৰা হ'ব। আজি অধিবেশনৰ বিত্তীয় কাৰ্যসূচীৰ অধীনত বিদ্যালয় শিক্ষা বিভাগৰ সৈতে সম্পর্কিত ২০২৫-২৬ বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ'ব। ইয়াৰ লগতে ২০২৫-২৬ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰতো ভোটদান হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি স...

November 25, 2025 9:58 PM

views 62

সদনত ১৯৮৩ চনৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাবে গঠন হোৱা মেহতা আয়োগৰ প্ৰতিবেদন দাখিল

অসম চৰকাৰে ১৯৮৩ চনৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাবে গঠন হোৱা মেহতা আয়োগৰ প্ৰতিবেদন দুখন বিধানসভাত আজি মুখ্যমন্ত্ৰীয়ে দাখিল কৰে। বিধানসভাৰ বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু শ্বেৰমান আলী আহমেদে বিধানসভাৰ উপাধ্যক্ষক বেয়া ব্যৱহাৰ কৰি বক্তব্য ৰখাৰ বাবে দোষী সাব্যস্ত কৰি এই শীতকালীন অধিবেশনৰ বাকী দিন কেইটাৰ কাৰণে তেওঁলোকক বৰ্খাস্ত কৰে। এই সন্দৰ্ভত কংগ্ৰেছে প্ৰতিবাদ কৰি কয়, যে বিশেষাধিকাৰ সমিতিয়ে কোনো তথ্য প্রমাণ নোহোৱাকৈয়ে বিধায়ক নুৰুল হুদাক...

November 25, 2025 9:56 PM

views 53

জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি সদনত প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত শাসক পক্ষই সমর্থন জনায়। এই বিষয়টো লৈ আজি সদনত দীঘলীয়া সময়জুৰি আলোচনা চলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি সদনৰ মজিয়াত প্ৰকাশ কৰে। সদনৰ দিনটোৰ কাম-কাজৰ আৰম্ভণিতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিগত সময়ছোৱাত ৰাজ্যখনত মৃত্যু হোৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ শোকপ্ৰস্তাৱ পাঠ কৰ...

November 25, 2025 9:54 PM

views 46

অহা ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রীয়ে সদনক জনায় যে, অহা ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব আৰু চৰকাৰে আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া FAST TRACK COURT ৰ জৰিয়তে কৰিবলৈ অনুৰোধ জনাব। এছ আই টিয়ে বৰ্তমানলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ২৫২ জনৰ সাক্ষ্য গ্রহণ কৰাৰ লগতে ৭ জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰীয়ে সদনক জনাই যে অসম আৰক্ষীৰ হাতত জুবিন গাৰ্গক যে পৰিকল্পিকভাৱে হত্যা কৰা হৈছিল ইয়াৰ যথেষ্ট প্ৰমাণ আছে আৰু এই প্ৰমাণৰ ভিত্তিতেই আৰক্ষীয়ে আদালতত অভিযুক্ত কেইজনৰ বিৰুদ্ধে ভাৰতীয়...

November 25, 2025 9:52 PM

views 69

অসম বিধানসভাত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ

কংগ্ৰেছ, এ আই ডি ইউ এফ, ৰাইজৰ দল আৰু চি পি এমে আজি সদনত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ আনে। অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই বিধানসভাত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱৰ প্ৰতি সমর্থন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশে আগবঢ়া নাই বুলি অভিযোগ তুলি বিৰোধী ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে। বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই লগতে জুবিনৰ গাৰ্গৰ মৃত্যু সন্দৰ্ভত চি বি আইৰ তদন্ত দাবী কৰে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখি...

November 25, 2025 12:19 PM

views 77

অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ

● অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কৰ্মদিন থাকিব। কিছু সময়ৰ পাছতে আজি বিগত অধিৱেশনৰ পাছত দেহাৱসান ঘটা প্ৰাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰা হ'ব। লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। ২৮ নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বা...