অসম বিধান সভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কালি ৬ৰ পৰা ৩১ জুলাইলৈ চলিবলগীয়া ২৬ দিনীয়া বাজেট অধিবেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। সেই অনুসৰি বিধানসভাৰ আসন্ন অধিবেশনৰ সময়ছোৱাত মুঠ ২১ দিন বৈঠক অনুষ্ঠিত হ’ব। ১০ জুলাইত বিত্ত মন্ত্রীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মন্ত্রী কেশর মহন্ত, বিধায়ক চন্দ্রমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিকদাৰ, শ্বেৰমান আলী আহমেদ, মজিবুৰ ৰহমান আৰু ড° জয়প্রকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ভার্চুবেল ব্যৱস্থাৰে বৈঠকত ভাগ লয়।
Assamese | June 17, 2026 12:32 PM | Assam Assembly
অসম বিধান সভাৰ কাৰ্যক্ৰমণিকা ৬ৰ পৰা ৩১ জুলাইলৈ