July 6, 2026 11:50 AM | Assam Assembly

printer

বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত

অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশনৰ পৰাই বিধানসভাত হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ‍ কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে হিন্দী ৰাষ্ট্রভাষা হোৱাৰ হেতু ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিধানসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ উপৰি বিধানসভাৰ লগ’ত হিন্দী ভাষা ব্যৱহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইপিনে বিধানসভাৰ কার্য সম্বন্ধীয় প্রক্রিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয়, যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা- আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্র্যপূর্ণ সাংস্কৃতিক ঐক্য অধিক সমৃদ্ধ কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।