July 4, 2026 10:44 AM | Assam Assembly

printer

বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন

বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাত দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত নৱ নিৰ্বাচিত বিধায়কসকলক বিধানসভাৰ কার্যক্রমণিকা, প্রশ্ন উত্থাপন, বিতর্কত অংশগ্রহণ আদি সন্দৰ্ভত প্রশিক্ষণ দিয়া হ’ব। বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে প্ৰকাশ কৰা মতে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত ৪৭ গৰাকী বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে। শিবিৰত বিধানসভাৰ কাৰ্যক্ৰমণিকা কেনেদৰে চলে, নিৰ্দিষ্ট বিষয়ত কেনেদৰে বক্তব্য প্ৰকাশ কৰিব লাগে এই বিষয়লৈ আলোচনা কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বিধানসভাৰ নিয়মাৱলীৰ প্ৰতিটো দফা নৱনিৰ্বাচিত বিধায়কসকলে যাতে আয়ত্ব কৰিব পাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। এই শিবিৰত সাংসদ দিলীপ শ‍ইকীয়া, মন্ত্ৰী পীযূষ হাজৰিকা, নোমল মমিন, সমুদ্র গুপ্ত কাশ্যপ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব।