অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকাই কয়, যে ৰাজ্যৰ ২৬.৫০ লাখ কৃষকৰ ভিতৰত প্ৰায় ১৮.৫০ লাখ পঞ্জীয়নভুক্ত কৃষক। সদনত আজি আন্তঃৰাজ্যিক সীমা সমস্যাক লৈও আলোচনা অনুষ্ঠিত হৈছে।
ইপিনে, অহা ১০ জুলাইত বিধানসভাত উত্থাপন হ’বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্রথমখন পূর্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে। স্বাস্থ্যমন্ত্রী অশোক সিংহলে কালি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে।
তেওঁ কয়, যে স্বাস্থ্য বিভাগে শীঘ্ৰেই এই চিকিৎসাত সহায়ক হোৱাকৈ অত্যাধুনিক প্ৰটন থেৰাপি মেচিন ক্ৰয় কৰিব। ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ’ব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব।