October 27, 2026 5:26 PM
12
ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ সুবিধা আৰু স্বাৰ্থক গুৰুত্ব দি স্বচ্ছ, সহজ আৰু কৰ্মচাৰী অনুকুল প্রশাসনিক ব্যৱস্থা গঢ়ি তোলাৰ দিশে আগবাঢ়িছে
ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ সুবিধা আৰু স্বাৰ্থক গুৰুত্ব দি স্বচ্ছ, সহজ আৰু কৰ্মচাৰী অনুকুল প্রশাসনিক ব্যৱস্থা গঢ়ি তোলাৰ দিশে আগবাঢ়িছে। প্ৰযুক্তিৰ সদ্ব্যৱহাৰেৰে এই প্ৰচেষ্টাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে ৪ ডিচেম্বৰৰ পৰা স্বাগত সতীৰ্থ পোৰ্টেল পুনৰ আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰে। তেওঁ কয় যে প্ৰযুক্তিৰ শক্তিৰে প্ৰশাসনিক সেৱাক অধিক সহজ, স্বচ্ছ আৰু সুচল কৰি তোলাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ। স্বাগত সতীর্থ পোৰ্টেলৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্ম...