● অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২৫-২৬ বৰ্ষৰ বাবে আহ্বান জনোৱা অসম শিল্পী পেন্সন আৰু বিশেষ পৰিয়াল পেন্সন তথা বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি কৰিছে। পূৰ্বে ১০ অক্টোবৰৰ ভিতৰত পেন্সনৰ বাবে আৱেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও সম্প্রতি অনলাইন আৱেদন পত্ৰ দাখিলৰ অন্তিম দিন ২০ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে। আগ্রহীসকলে ২০ অক্টোবৰৰ নিশা ১২ বজাৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব পাৰিব।
Assamese | October 10, 2025 12:58 PM | Akashvani | Akashvani Guwahati | Assam Government | pension
২০২৫-২৬ বৰ্ষৰ বাবে শিল্পী পেন্সন আৰু বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি