October 23, 2026 11:25 AM

views 5

ৰাজ্যিক কৰ্মচাৰীৰ পেঞ্চন লাভৰ প্ৰক্ৰিয়া অৱসৰৰ এবছৰৰ পূৰ্বৰে পৰা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যিক কৰ্মচাৰীসকলৰ পেঞ্চন লাভৰ প্ৰক্ৰিয়া অধিক সহজ আৰু সুচল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এতিয়াৰেপৰা নতুন ব্যৱস্থা গ্ৰহণ কৰিব। এই ব্যৱস্থাৰ আওতাত কৰ্মচাৰী এগৰাকীৰ অৱসৰৰ এবছৰ পূৰ্বৰে পৰা পেঞ্চন সম্পৰ্কীয় কাম-কাজসমূহ আৰম্ভ কৰা হ'ব। অৱসৰৰ এবছৰৰ পূৰ্বেই সংশ্লিষ্ট কৰ্মচাৰী আৰু বিভাগীয় আঁচনি প্রস্তুতকাৰী বিষয়াৰ ম'বাইললৈ স্বয়ংক্রিয়ভাৱে পেঞ্চন সম্পৰ্কীয় এছ এম এছ প্ৰেৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই নতুন ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। এই পদক্ষেপে অৱসৰৰ পাছত পেঞ...

October 10, 2025 12:58 PM

views 88

২০২৫-২৬ বৰ্ষৰ বাবে শিল্পী পেন্সন আৰু বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি

● অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২৫-২৬ বৰ্ষৰ বাবে আহ্বান জনোৱা অসম শিল্পী পেন্সন আৰু বিশেষ পৰিয়াল পেন্সন তথা বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি কৰিছে। পূৰ্বে ১০ অক্টোবৰৰ ভিতৰত পেন্সনৰ বাবে আৱেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও সম্প্রতি অনলাইন আৱেদন পত্ৰ দাখিলৰ অন্তিম দিন ২০ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে। আগ্রহীসকলে ২০ অক্টোবৰৰ নিশা ১২ বজাৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব পাৰিব।

January 27, 2025 2:51 PM

views 84

উমৈহতীয়া পেন্সন আঁচনি কাৰ্যকৰীৰ বাবে আনুষ্ঠানিক জাননী জাৰি

কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়া পেন্সন আঁচনি অর্থাৎ ইউ পি এছ কাৰ্যকৰী কৰাৰ বাবে শেহতীয়াকৈ আনুষ্ঠানিক জাননী জাৰি কৰিছে। অহা ১ এপ্ৰিলৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। চৰকাৰে যোৱা বছৰৰ আগষ্টত ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত বিকল্প ব্যৱস্থা হিচাপে এই আঁচনি প্ৰৱৰ্তন কৰিছিল। ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা সামৰি লোৱা আৰু নতুন পেন্সন আঁচনিৰ অধীনত এই বিকল্প বাছি লোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত উমৈহতীয়া পেন্সন আঁচনি কাৰ্যকৰী হ'ব বুলি এই সন্দৰ্ভত জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে।