ৰাজ্যিক কৰ্মচাৰীসকলৰ পেঞ্চন লাভৰ প্ৰক্ৰিয়া অধিক সহজ আৰু সুচল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এতিয়াৰেপৰা নতুন ব্যৱস্থা গ্ৰহণ কৰিব। এই ব্যৱস্থাৰ আওতাত কৰ্মচাৰী এগৰাকীৰ অৱসৰৰ এবছৰ পূৰ্বৰে পৰা পেঞ্চন সম্পৰ্কীয় কাম-কাজসমূহ আৰম্ভ কৰা হ’ব। অৱসৰৰ এবছৰৰ পূৰ্বেই সংশ্লিষ্ট কৰ্মচাৰী আৰু বিভাগীয় আঁচনি প্রস্তুতকাৰী বিষয়াৰ ম’বাইললৈ স্বয়ংক্রিয়ভাৱে পেঞ্চন সম্পৰ্কীয় এছ এম এছ প্ৰেৰণ কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই নতুন ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। এই পদক্ষেপে অৱসৰৰ পাছত পেঞ্চন লাভত বিলম্ব হোৱাৰ অসুবিধাসমূহ দূৰ কৰাৰ লগতে কৰ্মচাৰীসকলৰ বাবে প্ৰক্ৰিয়াটো ক্ষিপ্ৰ আৰু সহজ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ফিন আছাম নামৰ প’ৰ্টেলৰ জৰিয়তে এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব।
Assamese | October 23, 2026 11:25 AM | pension
ৰাজ্যিক কৰ্মচাৰীৰ পেঞ্চন লাভৰ প্ৰক্ৰিয়া অৱসৰৰ এবছৰৰ পূৰ্বৰে পৰা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ