November 14, 2026 12:49 PM | Kaziranga Accident

printer

কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুর্ঘটনাত মৃত্যুৰ সংখ্যা ২৬ লৈ বৃদ্ধি

কাজিৰঙাৰ ৰঙাজানত কালি সংঘটিত পথ দুর্ঘটনাত মৃত্যুৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে। গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত জিন্টু বৰাই সাংবাদিকৰ আগত এই কথা প্রকাশ কৰে। নিহত ২৪ গৰাকী লোকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে আৰু জিলা প্রশাসনে ইতিমধ্যে ২৩ গৰাকী লোকৰ পৰিচয় তালিকা প্রকাশ কৰিছে। পুৱা ৬ বজাৰ পৰা নিহতসকলৰ মৰণোত্তৰ পৰীক্ষা কৰি থকা হৈছে বুলি অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে গুৱাহাটী, যোৰহাট আৰু গোলাঘাটৰ মুঠ ১১ গৰাকী চিকিৎসকে মৰণোত্তৰ পৰীক্ষা অব্যাহত ৰাখিছে।

মন্ত্রী অতুল বৰাই আজি পুৱা গোলাঘাটত পৰিস্থিতি পর্যবেক্ষণ কৰে। তেওঁ মৃতকৰ পৰিয়ালৰ লোকৰ খবৰ লয়। আহতসকলৰ চিকিৎসাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি দুর্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’ব।

এই মর্মান্তিক দুর্ঘটনাত বহুসংখ্যক লোকে প্রাণ হেৰুওৱাক লৈ ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্রীমোদীয়ে এই দুর্ঘটনাত নিহতসকলক নিকটআত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।