November 14, 2026 12:49 PM
5
কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুর্ঘটনাত মৃত্যুৰ সংখ্যা ২৬ লৈ বৃদ্ধি
কাজিৰঙাৰ ৰঙাজানত কালি সংঘটিত পথ দুর্ঘটনাত মৃত্যুৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে। গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত জিন্টু বৰাই সাংবাদিকৰ আগত এই কথা প্রকাশ কৰে। নিহত ২৪ গৰাকী লোকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে আৰু জিলা প্রশাসনে ইতিমধ্যে ২৩ গৰাকী লোকৰ পৰিচয় তালিকা প্রকাশ কৰিছে। পুৱা ৬ বজাৰ পৰা নিহতসকলৰ মৰণোত্তৰ পৰীক্ষা কৰি থকা হৈছে বুলি অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে গুৱাহাটী, যোৰহাট আৰু গোলাঘাটৰ মুঠ ১১ গৰাকী চিকিৎসকে মৰণোত্তৰ পৰীক্ষা অব্যাহত ৰাখিছে। মন্ত্রী অতুল বৰাই আজি পুৱা গোলাঘাটত পৰিস...