November 14, 2026 11:43 AM | PM Condolence

printer

কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ গভীৰ সমবেদনা

অসমৰ কাজিৰঙাৰ ৰঙাজানত কালি সংঘটিত পথ দুর্ঘটনাত বহু সংখ্যক লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্রীমোদীয়ে এই দুর্ঘটনাত নিহতসকলক নিকটআত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহত সকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও এই ঘটনাত শোক প্রকাশ কৰিছে। অসমৰ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই পথ দুর্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয়, যে সমগ্ৰ ৰাজ্যক জোকাৰি যোৱা এই দুর্ভাগ্যজনক ঘটনাত তেওঁ গভীৰভাৱে মর্মাহত হৈছে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাজিৰঙাৰ দুর্ঘটনাক দুর্ভাগ্যজনক বুলি অভিহিত কৰি মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ দুর্ঘটনাত আহতসকলক প্রয়োজনীয় সকলো প্ৰকাৰৰ চিকিৎসা ব্যবস্থা জৰুৰীকালীন ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রী ড০ শর্মাই আজি দুর্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আহতসকলক প্ৰদান কৰা চিকিৎসা সেবাৰ পৰ্যালোচনা কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অসমৰ কাজিৰঙাৰ ৰঙাজানত ট্রেভেলাৰ আৰু কন্টেইনাৰ ট্ৰেইলাৰ মাজত সংঘটিত দুর্ঘটনাত মৃত্যুৰ সংখ্যা ২৪ জনলৈ বৃদ্ধিৰ আশংকা কৰা হৈছে। কহৰা আদর্শ চিকিৎসালয়ত ভর্তি কৰা ১৬ জন যাত্ৰীৰে মৃত্যু হোৱা বুলি চিকিৎসকে প্রকাশ কৰিছে। দুর্ঘটনা সংঘটিত হোৱাৰ পাছতে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰে। ট্রেভেলাৰখনত থকা অধিকাংশ যাত্রী ছাত্র-ছাত্রী আছিল বুলি জানিব পৰা গৈছে।