ভাৰতে ৰপ্তানিৰ ক্ষেত্ৰত চলিত বৰ্ষৰ অক্টোবৰ মাহত প্রায় ৮৪৮ কোটি টকা মূল্যৰ ৰপ্তানিৰে এই ক্ষেত্ৰত সৰ্বকালৰ সৰ্বোচ্চ ৰেকৰ্ড গঢ়ি তুলিছে। কালি নতুন দিল্লীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে এইদৰে উল্লেখ কৰে। দেশৰ ৰপ্তানিৰ ওপৰত আস্থা প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চলিত বর্ষত এক ট্রিলিয়ন ডলাৰৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ পথত আগবাঢ়িছে।
সংঘাত আৰু বিশ্ব বাণিজ্যৰ অনিশ্চয়তাৰ মাজতো চলিত বৰ্ষৰ ভিতৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ১৫ৰ পৰা ১৬ শতাংশ বৃদ্ধি পাব বুলিও কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে আস্থা প্রকাশ কৰে। তেওঁ কয় যে দেশৰ কাম-কাজত দেশৰ অৰ্থনীতিৰ স্থিতিস্থাপকতা, ৰপ্তানিকাৰীসকলৰ আত্মবিশ্বাস, দৃঢ়তা আৰু আত্মসন্মানেৰে গোলকীয় প্রত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ ভাৰতৰ ক্ষমতা প্ৰতিফলিত হৈছে। ভাৰতৰ ঘৰুৱা অৰ্থনীতিৰ শক্তি সন্দৰ্ভত আলোকপাত কৰি শ্রী গোৱেলে শেহতীয়া উৎসৱৰ বতৰত বিশেষকৈ দীপাৱলীৰ আশে-পাশে দেখা পোৱা শক্তিশালী ব্যৱসায়িক কাৰ্যকলাপৰ কথা উল্লেখ কৰে। তেওঁ কয় যে সমগ্র দেশৰ বজাৰসমূহত গ্ৰাহকৰ চাহিদা শক্তিশালী হোৱাৰ লগতে ব্যৱসায়িক কার্যকলাপ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে অক্টোবৰ মাহত জি এছ টি সংগ্রহে মাহটোৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছে। ভাৰতৰ দীৰ্ঘম্যাদী অর্থনৈতিক উচ্চাকাংক্ষাৰ কথা উল্লেখ কৰি শ্রী গোৱেলে কয় যে বর্তমান চাৰি ট্রিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশখনে ২০৪৭ চনৰ ভিতৰত ৩০ ট্রিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ দিশত কাম কৰি আছে।
ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ সন্দৰ্ভত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই অনুষ্ঠানটোৱে ৰাজ্য, ব্যৱসায়, সামগ্ৰী আৰু ভাৰতৰ বৈচিত্র্যপূৰ্ণ সামর্থ্যক একত্ৰিত কৰি এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই পদক্ষেপসমূহে ভাৰতীয় উৎপাদক, সেৱা প্ৰদানকাৰী আৰু ষ্টার্ট-আপসমূহক সামর্থ্য প্ৰদৰ্শন কৰাৰ লগতে উন্নত অর্থনীতিকে ধৰি সমগ্ৰ বিশ্বৰ ক্ৰেতা আৰু বজাৰসমূহৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্রদান কৰিব।
ভাৰত বাণিজ্য প্ৰসাৰ সংস্থাৰ উদ্যোগত আয়োজিত বার্ষিক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা কাইলৈ নতুন দিল্লীত আৰম্ভ হ’ব। মুঠ ৩২খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলে ১৪ দিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ আঞ্চলিক সামগ্রী, স্থানীয় উদ্যোগ, পৰম্পৰাগত শিল্পকর্ম, সাংস্কৃতিক ঐতিহ্য, পৰ্যটনৰ সম্ভাৱনা আৰু উন্নয়নমূলক পদক্ষেপসমূহ প্ৰদৰ্শন কৰিব। ব্যৱসায়ী, উদ্যোগী আৰু অংশগ্ৰহণকাৰী ৰাজ্যসমূহে নিজ সামগ্ৰীৰ প্ৰচাৰ, নতুন সুযোগৰ সন্ধান আৰু ঘৰুৱা লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সম্পর্ক শক্তিশালী কৰিব পৰাকৈ এই মেলাখনে এখন উন্নত মঞ্চ প্ৰদান কৰিব।