আজি শিশু দিৱস। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বার্ষিকীত প্রতি বছৰে ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। প্রয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ শিশুৰ প্ৰতি থকা গভীৰ মৰমৰ প্রতীকস্বৰূপে তেওঁৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। শিশু সকলৰ অধিকাৰ, শিক্ষা আৰু সুস্বাস্থ্য তথা মংগলৰ বাবে জনসচেতনতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱসত বিশেষ উদ্যোগ গ্রহণ কৰা হয়। নেহৰুৰ মৃত্যুৰ পাছত ১৯৬৪ চনত সংসদত সর্বসম্মতি ক্রমে এই দিনটো শিশু দিৱস হিচাপে নির্দিষ্ট কৰা হয়। উল্লেখযোগ্য যে পণ্ডিত নেহৰুৱে শিশুসকলক জাতি নির্মাণ প্ৰক্ৰিয়াৰ মূল আধাৰ বুলি গণ্য কৰাৰ লগতে প্ৰগতিৰ মূল হোতা বুলিও বিশ্বাস কৰিছিল। তেওঁ শিশুসকৰ মাজত অতি জনপ্রিয় আছিল আৰু শিশুসকলে তেওঁক মৰমতে নেহৰু খুৰা বুলি সম্বোধন কৰিছিল।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবার্ষিকীত শ্রদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শিশু দিৱস উপলক্ষে প্রতিগৰাকী শিশুলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত মুখ্যমন্ত্রীয়ে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত বুলি উল্লেখ কৰি কয়, যে তেওঁলোকৰ সপোন, প্রতিভা আৰু সম্ভাৱনাক সঠিক দিশ আৰু সুযোগ প্ৰদানৰ জৰিয়তে এটা সুন্দৰ, সমৃদ্ধিশালী ভবিষ্যৎ গঢ়ি তুলিব পৰা যাব। তেওঁ শিশুসকলক সপোন পূৰণৰ দিশত আগবাঢ়ি যাব পৰাকৈ মৰম, উৎসাহ তথা সহায়-সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্রতি আহ্বান জনায়।
ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহতো শিশু দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাৰ বলদমাৰিৰ বালাৰভিটাপাৰা প্ৰাথমিক বিদ্যালয়তো শিশু দিৱস উপলক্ষে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।