November 14, 2026 12:58 PM
7
দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বার্ষিকীত শিশু দিৱস উদযাপন
আজি শিশু দিৱস। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বার্ষিকীত প্রতি বছৰে ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। প্রয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ শিশুৰ প্ৰতি থকা গভীৰ মৰমৰ প্রতীকস্বৰূপে তেওঁৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। শিশু সকলৰ অধিকাৰ, শিক্ষা আৰু সুস্বাস্থ্য তথা মংগলৰ বাবে জনসচেতনতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱসত বিশেষ উদ্যোগ গ্রহণ কৰা হয়। নেহৰুৰ মৃত্যুৰ পাছত ১৯৬৪ চনত সংসদত সর্বসম্মতি ক্রমে এই দিনটো শিশু দিৱস হিচাপে নির্দিষ্ট কৰা হয়। উল্লেখযোগ্য...