প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মহাকাশ বিজ্ঞান, জ্যোর্তিবিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমাগত সফলতা সন্দর্ভত আলোকপাত কৰি কয়, যে এনেবোৰ ক্ষেত্ৰত দেশৰ সামৰ্থ বৃদ্ধিয়ে যুব প্ৰজন্মৰ বাবে নতুন সুবিধাৰ সৃষ্টি কৰিছে আৰু জীৱনৰ মান উন্নত কৰাত অৰিহণা আগবঢ়াইছে। কালি সন্ধিয়া কর্ণাটকত কছমছ-মাইছুৰু তাৰকাগৃহ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। উল্লেখযোগ্য যে, এয়া হৈছে ভাৰতৰ প্ৰথমটো এল ই ডি গম্বুজ তাৰকাগৃহ আৰু বিশ্বৰ ভিতৰতে প্ৰথমটো হেলনীয়া এল ই ডি গম্বুজ তাৰকাগৃহ ৰূপে অভিহিত কৰিব পাৰি। প্রধানমন্ত্রীয়ে কয়, যে এই সুবিধাই ভাৰতৰ বৈজ্ঞানিক যাত্ৰাত সহায় কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৈজ্ঞানিক চিন্তাধাৰাৰ বাবে উৎসাহ জগাই তুলিব।
প্রধানমন্ত্রী শ্রী মোদীয়ে দেশৰ মহাকাশ ক্ষেত্ৰখনত ব্যক্তিগত উদ্যমীৰ অংশগ্ৰহণৰ দিশত আলোকপাত কৰি কয়, যে চৰকাৰে ইতিমধ্যে এই ক্ষেত্রখন ব্যক্তিগত অংশগ্ৰহণকাৰীৰ বাবেও মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে। তেওঁ কয়, যে ভাৰতীয় ষ্টার্টআপবোৰে বৰ্তমান ৰকেটৰ উন্নয়ন আৰু মুকলি তথা কক্ষপথত কৃত্রিম উপগ্রহ স্থাপন কৰাকে ধৰি দেশে পূৰ্বে পৰীক্ষা নকৰা মহাকাশ ক্ষেত্ৰৰ বিভিন্ন কার্য সম্পন্ন কৰিছে। প্রধানমন্ত্রী শ্রী মোদীয়ে প্রযুক্তিৰ গুৰুত্বত আলোকপাত কৰি কয়, যে সমগ্র বিশ্বই প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে আৰু কোনো দেশ এই ক্ষেত্ৰত পিছ পৰি থাকিব নোৱাৰে। তেওঁ কয়, যে ভাৰতে জ্যোর্তিবিজ্ঞান, জ্যোর্তি পদার্থ বিজ্ঞান আৰু মহাকাশ ক্ষেত্ৰত বিগত কেইবাটাও দশকত উল্লেখনীয় সফলতা লাভ কৰিছে। এই ক্ষেত্ৰখনত দেশে নতুন টেলিস্কোপ স্থাপন আৰু মহাকাশ অভিযানৰ বিভিন্ন প্রত্যাহ্বানৰ মুখামুখি হৈ আহিছে। দেশৰ গুৰুত্বপূৰ্ণ মহাকাশ অভিযানৰ সফলতাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে চন্দ্রযান-তিনি অভিযানৰ সফলতাৰ কথাও উল্লেখ কৰে।
ভাৰতৰ যুৱ বিজ্ঞানীসকলৰ প্ৰতিভাৰ কথা উল্লেখ কৰি শ্রী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান অলিম্পিয়াডত ভাৰতীয় ছাত্ৰৰ সফলতাত আলোকপাত কৰে। তেওঁ কয়, যে চলিত বর্ষত ভিয়েটনামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত পাঁচজন ভাৰতীয় ছাত্রই দেশক প্রতিনিধিত্ব কৰি চাৰিটা সোণৰ পদক আৰু এটা ৰূপৰ পদক লাভ কৰিছিল। ভাৰতীয় ছাত্ৰসকলে এই আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াদত গণিত, পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীব বিজ্ঞানত এই পদকসমূহ লাভ কৰে।