মধুমেহ ৰোগৰ আগতীয়া চিনাক্তকৰণৰ প্ৰয়োজনীয়তা, সময়মতে চিকিৎসা আৰু গুণগত স্বাস্থ্য সেৱাৰ সুবিধা লাভৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি বিশ্ব মধুমেহ দিৱস পালন কৰা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে ‘মধুমেহৰ সময়মতে চিকিৎসা’। ইয়াৰ জৰিয়তে জীৱনৰ প্ৰতিটো পৰ্যায়ত সকলো প্ৰকাৰৰ স্বাস্থ্য সেৱা আৰু বয়স অনুসৰি চিকিৎসাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰা হৈছে। তদুপৰি এই দিৱসত বিশ্বজুৰি বৃদ্ধি পোৱা মধুমেহ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সমূহীয়া প্রচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰা হৈছে। মধুমেহ ৰোগত আক্রান্ত লোকসকলে যাতে প্রয়োজনীয় চিকিৎসা, যতন আৰু সমর্থন লাভ কৰি এটা সুস্থ জীবন জীয়াই থাকিব পাৰে, সেয়া নিশ্চিত কৰাৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলে এই ৰোগৰ আগতীয়া চিনাক্তকৰণত বিশেষভাবে গুৰুত্ব আৰোপ কৰিছে। এই ৰোগৰ সাধাৰণ লক্ষণসমূহৰ ভিতৰত বেছিকৈ পিয়াহ লগা, সঘনাই প্ৰস্ৰাৱ হোৱা, ভাগৰ লগা আৰু দৃষ্টি শক্তি অস্পষ্ট হোৱা আদি অন্যতম। বিশ্ব স্বাস্থ্য সংস্থাই মধুমেহ ৰোগৰ পৰীক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সময়ৰ ব্যৱধান হ্রাস কৰাৰ বাবে ইয়াক গোলকীয় স্বাস্থ্য অগ্ৰাধিকাৰ প্ৰদান কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই সদস্য ৰাষ্ট্ৰসমূহৰ সহযোগত ২০৩০ চনৰ ভিতৰত কমেও ৮০ শতাংশ লোকৰ মধুমেহৰ পৰীক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে।
Assamese | November 14, 2026 1:00 PM | World Diabetes Day
সমগ্ৰ দেশতে বিশ্ব মধুমেহ দিৱস উদযাপন