অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি অসম চৰকাৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে

অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত ২৪ ঘণ্টাত প্রায় ৭২.৮ মিলিমিটাৰ বৰষুণ হয়।

কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ জৰিয়তে লাভ কৰা ছবিৰ পৰা আজি পুৱা ৬ বজাৰ পৰা চাৰে ৭ বজাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে-ফোটোকাৰে উফন্দি উঠিছে।

ৰঙানদী জলবিদ্যুৎ প্রকল্প এলেকাত হোৱা আকস্মিক বানৰ বাবে পানী বৃদ্ধি পোৱাত প্ৰকল্পটোৰ এখন গেট খুলি দিয়া হৈছে।

উজনিৰ অৱবাহিকা অঞ্চলসমূহত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত অহা দুই-এদিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মর্মে মুখ্য সচিবে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা-পাতিছে আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে।

প্রভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতকর্তামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে।

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুকালীন সহায় সংস্থাসমূহক প্রয়োজন হ’লেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে।